অসমীয়া লিপিৰ মূল : সকলোবোৰ ভাৰতীয় লিপিৰে মূল ভাৰতীয় ব্রাহ্মীলিপি। অসমীয়া লিপিৰো মূল হৈছে—ব্রাহ্মীলিপি। খ্ৰীঃ পূর্ব ৪র্থ ৫ম শতিকাৰ অশোকাকালীন ব্রাহ্মীলিপিয়ে খ্ৰীঃ১ম-২য় শতিকাৰ কুশাণ সম্ৰাটসকলৰ ৰাজত্বকালত সিয়েই কুশাণ লিপি হিচাপে পৰিচিত হয়। একেদৰে খ্ৰীঃ ৩য় ৪র্থ শতিকাৰ গুপ্ত সম্রাটসকলৰ ৰাজত্বকালত সি গুপ্ত লিপি নামেৰে নতুন সাঁজ পিন্ধে। গুপ্ত যুগৰ অৱসানৰ পিছতে হৰ্ষবন্ধনৰ ৰাজত্ব কালত ব্ৰাহ্মীলিপিয়ে “সিদ্ধম্ বা সিদ্ধ-মাতৃকা” লিপি হিচাপে পৰিচিত হয়। উক্ত সিদ্ধ-মাতৃকা লিপিৰ পৰা পৰৱৰ্তী কালত শাৰদা, শ্ৰীহৰ্ষ আৰু কুটিল এই তিনিটা লিপিৰ উদ্ভৱ আঁৰু বিকাশ ঘটে। গুপ্তলিপিৰ পৰা বিকশিত ৰূপ কুটিল লিপিৰ পৰাই অসমীয়াকে আদি কৰি পূৰ্ব ভাৰতীয় লিপিসমূহৰ উদ্ভৱ আৰু বিকাশ হয় বুলি লিপিবিসকলে মতপোষণ কৰে। কিন্তু বিংশ শতিকাত আশীৰ দশকৰ আৰম্ভণিতে আৱিষ্কৃত 'নগাজৰী খনিকৰ গাঁও প্রস্তুৰ খণ্ডলিপি”য়ে অসমীয়া লিপিৰ উৎস আৰু উদ্ভৱৰ কাল সম্পৰ্কত পণ্ডিতসকলৰ পূৰ্বৰ ধাৰণাক ওলট-পালট কৰি দিলে উক্ত আৱিষ্কৃত “প্ৰস্তৰ খণ্ডলিপি”খন খ্ৰীষ্টীয় পঞ্চম শতিকাৰ আদি ভাগৰ বুলি পণ্ডিত তথা লিপিবিদ্সকল এক ঐক্যমতত উপনীত হৈছে। নগাজৰী খ...
বিলাতী হোজা মানুহজনৰ নাম হোজা পিছে সি অসমীয়া হোজা নহয়, বিলাতী অর্থাৎ বিদেশী, আৰু প্ৰকৃততে অতি টেঙৰ। এদিন সি তাৰ চুবুৰীয়া মানুহ এঘৰৰপৰা ভাত ৰন্ধা কেৰাহী এটা খুজি আনিলে। কেইদিনমানৰ মূৰত সেইটো ওভোতাই দিবৰ সময়ত সি লগতে অকণমানি কেৰাহী এটাও উলিয়াই দিলে। কেৰাহীৰ গিৰিহঁতে আচৰিত হৈ সুধিলে “এইটো আকৌ কিয় দিলা?" “অ’— এইটো তোমাৰপৰা নিয়া কেৰাহীটোৰ পোৱালি, মোৰ ঘৰতে জগিল।” মানুহজনে ভাবিলে, ই কেনে অকঁৰা! কিন্তু সি ৰং মনে দুয়োটা সুমুৱাই থলে। কেইদিনমানৰ পাচত হোজাই কোহীটো আকৌ খুজি আনিলে। কেৰাহীটো ওভোতাই দিয়াত পলম হোৱা দেখি গৰাকী সাধিবলৈ আহিল। হোজাই তাক ক'লে— “কেৰাহীটো মৰিল।” "কি কৈছা, কেৰাহীওনো মৰেনে?” “এবা, পোৱালি দিওঁতে মৰি থাকিল।” মানুহজনৰ মুখৰ মাত হৰিল। এদিন গাঁৱত এখন মেল বহিল। আটায়ে হোজাক ক'লে, “তুমি দু-আষাৰমান ক'ব লাগে।" হোজা উঠিল আৰু ক'লে, “ৰাইজসকল, আমি আটায়ে আজি এই মেলত কিছু গোট খাইছোঁ আপোনালোকে নিশ্চয় জানে— " আটায়ে শলাগিলে, “হয় হয়।” “তেনেহ'লে মোৰ কোৱাৰনো আবশ্যক কি? মই বহিলোঁ।" আৰু এদিন মেল বহিল। সেইদিনাও আটায়ে হোজাক ক'লে, “হোজা, ত...