Skip to main content

Posts

অসমীয়া লিপিৰ মূল :

  অসমীয়া লিপিৰ মূল : সকলোবোৰ ভাৰতীয় লিপিৰে মূল ভাৰতীয় ব্রাহ্মীলিপি। অসমীয়া লিপিৰো মূল হৈছে—ব্রাহ্মীলিপি। খ্ৰীঃ পূর্ব ৪র্থ ৫ম শতিকাৰ অশোকাকালীন ব্রাহ্মীলিপিয়ে খ্ৰীঃ১ম-২য় শতিকাৰ কুশাণ সম্ৰাটসকলৰ ৰাজত্বকালত সিয়েই কুশাণ লিপি হিচাপে পৰিচিত হয়। একেদৰে খ্ৰীঃ ৩য় ৪র্থ শতিকাৰ গুপ্ত সম্রাটসকলৰ ৰাজত্বকালত সি গুপ্ত লিপি নামেৰে নতুন সাঁজ পিন্ধে। গুপ্ত যুগৰ অৱসানৰ পিছতে হৰ্ষবন্ধনৰ ৰাজত্ব কালত ব্ৰাহ্মীলিপিয়ে “সিদ্ধম্ বা সিদ্ধ-মাতৃকা” লিপি হিচাপে পৰিচিত হয়। উক্ত সিদ্ধ-মাতৃকা লিপিৰ পৰা পৰৱৰ্তী কালত শাৰদা, শ্ৰীহৰ্ষ আৰু কুটিল এই তিনিটা লিপিৰ উদ্ভৱ আঁৰু বিকাশ ঘটে। গুপ্তলিপিৰ পৰা বিকশিত ৰূপ কুটিল লিপিৰ পৰাই অসমীয়াকে আদি কৰি পূৰ্ব ভাৰতীয় লিপিসমূহৰ উদ্ভৱ আৰু বিকাশ হয় বুলি লিপিবিসকলে মতপোষণ কৰে। কিন্তু বিংশ শতিকাত আশীৰ দশকৰ আৰম্ভণিতে আৱিষ্কৃত 'নগাজৰী খনিকৰ গাঁও প্রস্তুৰ খণ্ডলিপি”য়ে অসমীয়া লিপিৰ উৎস আৰু উদ্ভৱৰ কাল সম্পৰ্কত পণ্ডিতসকলৰ পূৰ্বৰ ধাৰণাক ওলট-পালট কৰি দিলে উক্ত আৱিষ্কৃত “প্ৰস্তৰ খণ্ডলিপি”খন খ্ৰীষ্টীয় পঞ্চম শতিকাৰ আদি ভাগৰ বুলি পণ্ডিত তথা লিপিবিদ্‌সকল এক ঐক্যমতত উপনীত হৈছে। নগাজৰী খ...
Recent posts

বিলাতী হোজা। অসমীয়া শিশু সাহিত্য

  বিলাতী হোজা মানুহজনৰ নাম হোজা পিছে সি অসমীয়া হোজা নহয়, বিলাতী অর্থাৎ বিদেশী, আৰু প্ৰকৃততে অতি টেঙৰ। এদিন সি তাৰ চুবুৰীয়া মানুহ এঘৰৰপৰা ভাত ৰন্ধা কেৰাহী এটা খুজি আনিলে। কেইদিনমানৰ মূৰত সেইটো ওভোতাই দিবৰ সময়ত সি লগতে অকণমানি কেৰাহী এটাও উলিয়াই দিলে। কেৰাহীৰ গিৰিহঁতে আচৰিত হৈ সুধিলে “এইটো আকৌ কিয় দিলা?" “অ’— এইটো তোমাৰপৰা নিয়া কেৰাহীটোৰ পোৱালি, মোৰ ঘৰতে জগিল।” মানুহজনে ভাবিলে, ই কেনে অকঁৰা! কিন্তু সি ৰং মনে দুয়োটা সুমুৱাই থলে। কেইদিনমানৰ পাচত হোজাই কোহীটো আকৌ খুজি আনিলে। কেৰাহীটো ওভোতাই দিয়াত পলম হোৱা দেখি গৰাকী সাধিবলৈ আহিল। হোজাই তাক ক'লে— “কেৰাহীটো মৰিল।” "কি কৈছা, কেৰাহীওনো মৰেনে?” “এবা, পোৱালি দিওঁতে মৰি থাকিল।” মানুহজনৰ মুখৰ মাত হৰিল। এদিন গাঁৱত এখন মেল বহিল। আটায়ে হোজাক ক'লে, “তুমি দু-আষাৰমান ক'ব লাগে।" হোজা উঠিল আৰু ক'লে, “ৰাইজসকল, আমি আটায়ে আজি এই মেলত কিছু গোট খাইছোঁ আপোনালোকে নিশ্চয় জানে— " আটায়ে শলাগিলে, “হয় হয়।” “তেনেহ'লে মোৰ কোৱাৰনো আবশ্যক কি? মই বহিলোঁ।" আৰু এদিন মেল বহিল। সেইদিনাও আটায়ে হোজাক ক'লে, “হোজা, ত...

স্বাৰ্থপৰ (অসমীয়া গল্প )

স্বাৰ্থপৰ অন্ধকাৰে আৱৰি ৰখা  চৌদিশে সি এবাৰ চকু ফুৰালে... নাই একো মনিব নোৱাৰি কেৱল অন্ধকাৰ অন্ধকাৰ আৰু অন্ধকাৰ। কাণ মূৰ গৰম হৈ পৰিছে, উশাহবোৰ ক্ৰমান্বয়ে ঘন হৈ আহিছে। চুটি চুটি কৈ উশাহ লোৱাৰ বাবেই হয়তো বুকুখনত কিহবাই বিন্ধিছে, স্বতস্ফুৰ্ত  ভাবে বিষ আৰু বেদনা মিশ্ৰিত এক কৰুণ কেঁকনি ভাহি আহিছে। পিঠিটো শাল মাৰি খুচ মাৰি ধৰিছে , ইয়াতেই যেন বাগৰি পৰিব। কিন্তু  সি এতিয়া নাজানে সি ক'ত  ৰৈ আছে ? চাৰিওফালে কেৱল অন্ধকাৰছন্ন পৰিবেশ। অন্ধকাৰ ফালি কেৱল ভাঁহি আহিছে আপোন মানুহৰ কোলাহল স্বাৰ্থপৰ স্বাৰ্থপৰ স্বাৰ্থপৰ, সেই মানুহবোৰো অন্ধকাৰ মাজত বিলীন। সি হতভম্ব হৈ ৰৈ আছে কেৱল... থাউনি নাপাই উটি যাব খোজা মেটেকাৰ দৰে মাজে মাজে উটি গৈছে আন্ধাৰৰ সোঁতত।           সি বাৰে বাৰে মনত পেলাবলৈ চেষ্টা কৰিছে ভুলটো কোনখিনিত হ'ল! সদায় সহজ ভাবে সমাধান কৰি থকা অংকটো আজি ইমান জটিল কিয় হ'ল!  আস.. বুকুখনত যেন কিহবাই বৰ জোৰকৈ বিন্ধিছে। আপোন মানুহবোৰেই হানিছে খুচিছে বিষ হোৱাটো স্বাভাৱিক অৱশ্যেই স্বাভাৱিক।  সকলোৰে বিপদৰ সময়ৰ লগৰী হোৱা,  কোনোবাই আহ ক'লে...

নলিনীবালা দেৱীৰ ‘সন্ধিয়াৰ সুৰ'ৰ চমু আলোচনা

নলিনীবালা দেৱীৰ ‘সন্ধিয়াৰ সুৰ'ৰ আলোচনা অসমীয়া অতীন্দ্রিয়বাদী কবিতাৰ মাজত এইখন এখন শ্রেষ্ঠ পুথি। ব্যক্তিগত বেদনা ইয়াৰ মূল উৎস। স্বামী আৰু সন্তানৰ বিয়োগত কাতৰ হৈ পৰা নলিনীবালাৰ শাস্তি আৰু সান্তনাৰ পথ সন্ধানৰ ফলস্বৰূপে এই কাব্যৰ জন্ম হৈছিল। অভাগী নাৰী হিয়াৰ বিননিতকৈ ইয়াত স্পষ্ট হৈ আছে কবি-প্ৰাণৰ সংযত বিষাদৰ সুৰ। কবিৰ হৃদয়ত থকা ভাৰতীয় দৰ্শনৰ প্ৰতি আস্থাই তেওঁক ভাঙি পৰিবলৈ দিয়া নাই। জীৱনটো দুখেৰে ভৰা হ'লেও তাক তেওঁ প্ৰীতিৰে গ্ৰহণ কৰিছে। একোকে নিদিয়া পৃথিৱীখনলৈও তেওঁৰ অভিযোগ নাই; 'আজিৰে নোহোৱা মোৰ সুন্দৰী পৃথিৱী জনমৰ যুগমীয়া তুমি, তুমি মোৰ জীৱনৰ শান্তিৰ জিৰণি অতীতৰ স্বপ্ন লীলাভূমি।' কবি কর্মফলত বিশ্বাসী। 'অপূৰ্ণ কৰমৰ ভাৰ বান্ধি লৈ’ বাৰে বাৰে পৃথিৱীলৈ অহা মানুহে সহজে জন্মান্তৰৰ হাত সাৰিব নোৱাৰে। কাৰণ মানুহৰ অন্তৰত আছে চিৰন্তন অতৃপ্তিৰ খনি। তাৰ পূৰ্ণতাৰ বাবে আত্মাই সংসাৰত অবিৰাম ভ্রমণ কৰে।   বিশাল সংসাৰৰ বুকুত নিজাকৈ এখনি পুতলা সংসাৰ পাতি মানুহে দুদিনৰ বাবে ধেমালি কৰে। তেনে এখন সংসাৰ অকালতে হেৰাই যোৱাৰ বিষাদত কবিয়ে অনুভৱ কৰিছে 'সংসাৰৰ অনিত্যতা'। মানুহৰ ...

নাৰী জীৱন সংগ্ৰাম আৰু সমাজৰ বৰ্বৰতা..

                *এজাক বৰষুণ *                          (১)      ধীৰে ধীৰে বলি থকা বতাহজাক ক্ৰমান্বয়ে ধুমুহালৈ পৰিৱৰ্তিত হৈছে। আকাশখনো ক'লা ডাৱৰে চানি ধৰিছে মাজে মাজে  মেঘৰ গৰ্জন । পুৱাৰ পৰা গধূলি হ'লগৈ মাক এতিয়াও অহাই নাই । সৰু আইৰ চিন্তা বাঢ়ি আহিছে মাকৰ কিবা অনিষ্ট হোৱা নাইতো । মাজনীয়েও ভোক সহ্য  কৰিব নোৱাৰি ঠেন ঠেনাই আছে । মাজনী.. মাজনীৰ কথা মনত অহাৰ লগে লগে দুৱাৰমুখত ৰৈ থকা সৰু আইয়ে ঘূৰি চালে মাজনীলৈ , তাই মাটিত বহি মজিয়াত কিবা আঁকবাক কৰাত ব্যস্ত। মাজনী.. মাজনীৰ বয়স পোন্ধৰ বছৰ, বয়সত সৰু আইতকৈ চাৰি বছৰ ডাঙৰ কিন্তু দুৰ্ভাগ্যজনক ভাবে তাইৰ মগজু এতিয়াও  ছয় সাত বছৰীয়া ছোৱালীৰ দৰে। গতিকে বায়েকৰ পৰা শিকাৰ বয়সত সৰুৱে বায়েকক শিকাব লগা হৈছে । তাইৰ জেদ অভিমান ভাঙিব লগা হৈছে মাক নোহোৱা অৱস্থাত মাকৰ ভূমিকা ল'ব লগা হয় সৰু আইয়ে। কেতিয়াবা সৰুৰ ভাব হয় এই পাগলীজনী নথকা হ'লে তাই আজি গৃহবন্দী নহল হয় তাইও মাকক সহায় কৰিবলৈ কৰবাত কাম বিচাৰি গ'ল হেতেন। কিন্তু নাই ..এই পাগলী ব...

মধ্যবিত্ত শ্ৰেণীৰ দৈনন্দিন জীৱন সংগ্ৰাম

মধ্যবিত্ত শ্ৰেণীৰ দৈনন্দিন জীৱন সংগ্ৰাম                  # মধ্যবিত্ত কাহিলী পুৱাতে উঠি খৰ ধৰকৈ বাৰীৰ নেমু, জাতিলাও বিলাহী যি দুই এটা লাগি আছিল টানি আজুৰি ছিঙি মোনাটোত ভৰাই ল'লো। মাজনীৰ মাকে বাকী দিয়া ৰঙা চাহ কাপ খপ জপকৈ চুহা মাৰোতেই তপত চাহে জিভা ডেই-পুৰি নিলে তথাপি  উঃ আঃ কৰিবলৈ আহৰি নাই। খৰধৰ কৰোঁতে তেল নোহোৱা বাইকখনকে ষ্টাৰ্ট দিলো পিছে মনত পৰিবলৈ বেছি সময় নালাগিল তেখেতৰ টেংকী খালী। এখন্তেকো পলম নকৰি মোনাটো ওলোমাই চাইকেলৰ পেডেল মাৰি মাৰি দৈনিক বজাৰ পালোগৈ। পিছে বজাৰ পাইহে চেতনা আহিল এতিয়া এই নেমু বিলাহী জাতিলাও কেইটা মোনাৰ পৰা কেনেকৈ উলিয়াই পথৰ দাঁতিত বহো আন দহজন বেপাৰীৰ দৰে ! মাজনীৰ মুখখনলৈ মনত পৰিল কালি পৰা খুদকণ এটাও পৰা নাই তাইৰ পেটত। এই মদন মাষ্টৰৰ জীয়েক হোৱাৰ ফল ভুগিছে তাই। খেতি-বাতি নাই কোনো ব্যৱসায় নাই, তাৰ উপৰি দুমাহ ধৰি দৰমহাও নাই। চুঙা কাটি, টেকেলি ভাঙি  সাঁচতীয়া কেইটাৰে যোৱা দুমাহ পেট পুৰালে এতিয়া তাকো শেষ। নাই উপায় নাই লাজ মান সকলো কাটি কৰি কোনোদিনে নকৰা কামটো কৰিবলৈ সাজু হ'লো। ওচৰে পাজৰে চিনাকী মানুহ আছে নেকি ভালকৈ চ...

অসমত তুলনামূলক সাহিত্য

  অসমত তুলনামূলক সাহিত্য অসমত তুলনামূলক সাহিত্যৰ ক্ষেত্ৰখন আপেক্ষিকভাৱে নতুন। পৰম্পৰাগত পদ্ধতিৰ তুলনা অৱশ্যে প্রাচীন অসমীয়া সাহিত্যত যথেষ্ট পৰিমাণে দেখা যায়। মাধৱ কন্দলিৰ ৰামায়ণ আৰু শংকৰদেৱ আদি নৱবৈষ্ণৱ কবিসকলেও তুলনাৰ দ্বাৰা সাহিত্যৰ সৌন্দৰ্য বৃদ্ধি কৰিছিল। ১) জোনাকী যুগত তুলনামূলক চিন্তাৰ প্ৰথম বীজ বোপিত হোৱা দেখা যায়। এই ক্ষেত্ৰত বাটকটীয়া আছিল লক্ষ্মীনাথ বেজবৰুৱা। বেজবৰুৱাৰ 'তত্ত্বকথা'ৰ মাজত শংকৰদেৱৰ ধৰ্মীয় চিন্তাৰ লগত বিভিন্ন সন্ত আৰু ধৰ্মগুৰুৰ চিন্তাধাৰাৰ তুলনামূলক বিশ্লেষণ পোৱা যায়। ইয়াৰ পিছতে নাম ল'ব পাৰি বাণীকান্ত কাকতিৰ৷ কাকতিয়ে ‘বধকাব্য’ৰ আলোচনা প্ৰসংগত মধ্যযুগীয় ইউৰোপীয় ৰোমাঞ্চ কাব্যৰ ৰিজনি টানি আনিছিল আৰু 'হেমাসুন্দৰী' আখ্যানৰ লগত ইংৰাজ কবি স্পেনচাৰৰ কাব্যৰ মিল দেখুৱাইছিল। অসমত তুলনামূলক অধ্যয়নৰ গুৰুত্বপূৰ্ণ নাম হ'ল কৃষ্ণকান্ত সন্দিকৈ। সন্দিকৈয়ে অনুবাদৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিশেষভাবে আলোচনা কৰিছিল। 'স্পেইনদেশীয় বোমিঅ' জুলিয়েট' আৰু দুই এটি প্ৰৱন্ধৰ যোগেদি অসমীয়া পাঠকক বিশ্ব সাহিত্যৰ সোৱাদ দান কৰিছিল। কালিৰাম মেধি, মহেশ্বৰ ...