স্বাৰ্থপৰ অন্ধকাৰে আৱৰি ৰখা চৌদিশে সি এবাৰ চকু ফুৰালে... নাই একো মনিব নোৱাৰি কেৱল অন্ধকাৰ অন্ধকাৰ আৰু অন্ধকাৰ। কাণ মূৰ গৰম হৈ পৰিছে, উশাহবোৰ ক্ৰমান্বয়ে ঘন হৈ আহিছে। চুটি চুটি কৈ উশাহ লোৱাৰ বাবেই হয়তো বুকুখনত কিহবাই বিন্ধিছে, স্বতস্ফুৰ্ত ভাবে বিষ আৰু বেদনা মিশ্ৰিত এক কৰুণ কেঁকনি ভাহি আহিছে। পিঠিটো শাল মাৰি খুচ মাৰি ধৰিছে , ইয়াতেই যেন বাগৰি পৰিব। কিন্তু সি এতিয়া নাজানে সি ক'ত ৰৈ আছে ? চাৰিওফালে কেৱল অন্ধকাৰছন্ন পৰিবেশ। অন্ধকাৰ ফালি কেৱল ভাঁহি আহিছে আপোন মানুহৰ কোলাহল স্বাৰ্থপৰ স্বাৰ্থপৰ স্বাৰ্থপৰ, সেই মানুহবোৰো অন্ধকাৰ মাজত বিলীন। সি হতভম্ব হৈ ৰৈ আছে কেৱল... থাউনি নাপাই উটি যাব খোজা মেটেকাৰ দৰে মাজে মাজে উটি গৈছে আন্ধাৰৰ সোঁতত। সি বাৰে বাৰে মনত পেলাবলৈ চেষ্টা কৰিছে ভুলটো কোনখিনিত হ'ল! সদায় সহজ ভাবে সমাধান কৰি থকা অংকটো আজি ইমান জটিল কিয় হ'ল! আস.. বুকুখনত যেন কিহবাই বৰ জোৰকৈ বিন্ধিছে। আপোন মানুহবোৰেই হানিছে খুচিছে বিষ হোৱাটো স্বাভাৱিক অৱশ্যেই স্বাভাৱিক। সকলোৰে বিপদৰ সময়ৰ লগৰী হোৱা, কোনোবাই আহ ক'লে...