Skip to main content

Posts

Showing posts from April, 2021

স্বাৰ্থপৰ (অসমীয়া গল্প )

স্বাৰ্থপৰ অন্ধকাৰে আৱৰি ৰখা  চৌদিশে সি এবাৰ চকু ফুৰালে... নাই একো মনিব নোৱাৰি কেৱল অন্ধকাৰ অন্ধকাৰ আৰু অন্ধকাৰ। কাণ মূৰ গৰম হৈ পৰিছে, উশাহবোৰ ক্ৰমান্বয়ে ঘন হৈ আহিছে। চুটি চুটি কৈ উশাহ লোৱাৰ বাবেই হয়তো বুকুখনত কিহবাই বিন্ধিছে, স্বতস্ফুৰ্ত  ভাবে বিষ আৰু বেদনা মিশ্ৰিত এক কৰুণ কেঁকনি ভাহি আহিছে। পিঠিটো শাল মাৰি খুচ মাৰি ধৰিছে , ইয়াতেই যেন বাগৰি পৰিব। কিন্তু  সি এতিয়া নাজানে সি ক'ত  ৰৈ আছে ? চাৰিওফালে কেৱল অন্ধকাৰছন্ন পৰিবেশ। অন্ধকাৰ ফালি কেৱল ভাঁহি আহিছে আপোন মানুহৰ কোলাহল স্বাৰ্থপৰ স্বাৰ্থপৰ স্বাৰ্থপৰ, সেই মানুহবোৰো অন্ধকাৰ মাজত বিলীন। সি হতভম্ব হৈ ৰৈ আছে কেৱল... থাউনি নাপাই উটি যাব খোজা মেটেকাৰ দৰে মাজে মাজে উটি গৈছে আন্ধাৰৰ সোঁতত।           সি বাৰে বাৰে মনত পেলাবলৈ চেষ্টা কৰিছে ভুলটো কোনখিনিত হ'ল! সদায় সহজ ভাবে সমাধান কৰি থকা অংকটো আজি ইমান জটিল কিয় হ'ল!  আস.. বুকুখনত যেন কিহবাই বৰ জোৰকৈ বিন্ধিছে। আপোন মানুহবোৰেই হানিছে খুচিছে বিষ হোৱাটো স্বাভাৱিক অৱশ্যেই স্বাভাৱিক।  সকলোৰে বিপদৰ সময়ৰ লগৰী হোৱা,  কোনোবাই আহ ক'লে...

নলিনীবালা দেৱীৰ ‘সন্ধিয়াৰ সুৰ'ৰ চমু আলোচনা

নলিনীবালা দেৱীৰ ‘সন্ধিয়াৰ সুৰ'ৰ আলোচনা অসমীয়া অতীন্দ্রিয়বাদী কবিতাৰ মাজত এইখন এখন শ্রেষ্ঠ পুথি। ব্যক্তিগত বেদনা ইয়াৰ মূল উৎস। স্বামী আৰু সন্তানৰ বিয়োগত কাতৰ হৈ পৰা নলিনীবালাৰ শাস্তি আৰু সান্তনাৰ পথ সন্ধানৰ ফলস্বৰূপে এই কাব্যৰ জন্ম হৈছিল। অভাগী নাৰী হিয়াৰ বিননিতকৈ ইয়াত স্পষ্ট হৈ আছে কবি-প্ৰাণৰ সংযত বিষাদৰ সুৰ। কবিৰ হৃদয়ত থকা ভাৰতীয় দৰ্শনৰ প্ৰতি আস্থাই তেওঁক ভাঙি পৰিবলৈ দিয়া নাই। জীৱনটো দুখেৰে ভৰা হ'লেও তাক তেওঁ প্ৰীতিৰে গ্ৰহণ কৰিছে। একোকে নিদিয়া পৃথিৱীখনলৈও তেওঁৰ অভিযোগ নাই; 'আজিৰে নোহোৱা মোৰ সুন্দৰী পৃথিৱী জনমৰ যুগমীয়া তুমি, তুমি মোৰ জীৱনৰ শান্তিৰ জিৰণি অতীতৰ স্বপ্ন লীলাভূমি।' কবি কর্মফলত বিশ্বাসী। 'অপূৰ্ণ কৰমৰ ভাৰ বান্ধি লৈ’ বাৰে বাৰে পৃথিৱীলৈ অহা মানুহে সহজে জন্মান্তৰৰ হাত সাৰিব নোৱাৰে। কাৰণ মানুহৰ অন্তৰত আছে চিৰন্তন অতৃপ্তিৰ খনি। তাৰ পূৰ্ণতাৰ বাবে আত্মাই সংসাৰত অবিৰাম ভ্রমণ কৰে।   বিশাল সংসাৰৰ বুকুত নিজাকৈ এখনি পুতলা সংসাৰ পাতি মানুহে দুদিনৰ বাবে ধেমালি কৰে। তেনে এখন সংসাৰ অকালতে হেৰাই যোৱাৰ বিষাদত কবিয়ে অনুভৱ কৰিছে 'সংসাৰৰ অনিত্যতা'। মানুহৰ ...

নাৰী জীৱন সংগ্ৰাম আৰু সমাজৰ বৰ্বৰতা..

                *এজাক বৰষুণ *                          (১)      ধীৰে ধীৰে বলি থকা বতাহজাক ক্ৰমান্বয়ে ধুমুহালৈ পৰিৱৰ্তিত হৈছে। আকাশখনো ক'লা ডাৱৰে চানি ধৰিছে মাজে মাজে  মেঘৰ গৰ্জন । পুৱাৰ পৰা গধূলি হ'লগৈ মাক এতিয়াও অহাই নাই । সৰু আইৰ চিন্তা বাঢ়ি আহিছে মাকৰ কিবা অনিষ্ট হোৱা নাইতো । মাজনীয়েও ভোক সহ্য  কৰিব নোৱাৰি ঠেন ঠেনাই আছে । মাজনী.. মাজনীৰ কথা মনত অহাৰ লগে লগে দুৱাৰমুখত ৰৈ থকা সৰু আইয়ে ঘূৰি চালে মাজনীলৈ , তাই মাটিত বহি মজিয়াত কিবা আঁকবাক কৰাত ব্যস্ত। মাজনী.. মাজনীৰ বয়স পোন্ধৰ বছৰ, বয়সত সৰু আইতকৈ চাৰি বছৰ ডাঙৰ কিন্তু দুৰ্ভাগ্যজনক ভাবে তাইৰ মগজু এতিয়াও  ছয় সাত বছৰীয়া ছোৱালীৰ দৰে। গতিকে বায়েকৰ পৰা শিকাৰ বয়সত সৰুৱে বায়েকক শিকাব লগা হৈছে । তাইৰ জেদ অভিমান ভাঙিব লগা হৈছে মাক নোহোৱা অৱস্থাত মাকৰ ভূমিকা ল'ব লগা হয় সৰু আইয়ে। কেতিয়াবা সৰুৰ ভাব হয় এই পাগলীজনী নথকা হ'লে তাই আজি গৃহবন্দী নহল হয় তাইও মাকক সহায় কৰিবলৈ কৰবাত কাম বিচাৰি গ'ল হেতেন। কিন্তু নাই ..এই পাগলী ব...

মধ্যবিত্ত শ্ৰেণীৰ দৈনন্দিন জীৱন সংগ্ৰাম

মধ্যবিত্ত শ্ৰেণীৰ দৈনন্দিন জীৱন সংগ্ৰাম                  # মধ্যবিত্ত কাহিলী পুৱাতে উঠি খৰ ধৰকৈ বাৰীৰ নেমু, জাতিলাও বিলাহী যি দুই এটা লাগি আছিল টানি আজুৰি ছিঙি মোনাটোত ভৰাই ল'লো। মাজনীৰ মাকে বাকী দিয়া ৰঙা চাহ কাপ খপ জপকৈ চুহা মাৰোতেই তপত চাহে জিভা ডেই-পুৰি নিলে তথাপি  উঃ আঃ কৰিবলৈ আহৰি নাই। খৰধৰ কৰোঁতে তেল নোহোৱা বাইকখনকে ষ্টাৰ্ট দিলো পিছে মনত পৰিবলৈ বেছি সময় নালাগিল তেখেতৰ টেংকী খালী। এখন্তেকো পলম নকৰি মোনাটো ওলোমাই চাইকেলৰ পেডেল মাৰি মাৰি দৈনিক বজাৰ পালোগৈ। পিছে বজাৰ পাইহে চেতনা আহিল এতিয়া এই নেমু বিলাহী জাতিলাও কেইটা মোনাৰ পৰা কেনেকৈ উলিয়াই পথৰ দাঁতিত বহো আন দহজন বেপাৰীৰ দৰে ! মাজনীৰ মুখখনলৈ মনত পৰিল কালি পৰা খুদকণ এটাও পৰা নাই তাইৰ পেটত। এই মদন মাষ্টৰৰ জীয়েক হোৱাৰ ফল ভুগিছে তাই। খেতি-বাতি নাই কোনো ব্যৱসায় নাই, তাৰ উপৰি দুমাহ ধৰি দৰমহাও নাই। চুঙা কাটি, টেকেলি ভাঙি  সাঁচতীয়া কেইটাৰে যোৱা দুমাহ পেট পুৰালে এতিয়া তাকো শেষ। নাই উপায় নাই লাজ মান সকলো কাটি কৰি কোনোদিনে নকৰা কামটো কৰিবলৈ সাজু হ'লো। ওচৰে পাজৰে চিনাকী মানুহ আছে নেকি ভালকৈ চ...

অসমত তুলনামূলক সাহিত্য

  অসমত তুলনামূলক সাহিত্য অসমত তুলনামূলক সাহিত্যৰ ক্ষেত্ৰখন আপেক্ষিকভাৱে নতুন। পৰম্পৰাগত পদ্ধতিৰ তুলনা অৱশ্যে প্রাচীন অসমীয়া সাহিত্যত যথেষ্ট পৰিমাণে দেখা যায়। মাধৱ কন্দলিৰ ৰামায়ণ আৰু শংকৰদেৱ আদি নৱবৈষ্ণৱ কবিসকলেও তুলনাৰ দ্বাৰা সাহিত্যৰ সৌন্দৰ্য বৃদ্ধি কৰিছিল। ১) জোনাকী যুগত তুলনামূলক চিন্তাৰ প্ৰথম বীজ বোপিত হোৱা দেখা যায়। এই ক্ষেত্ৰত বাটকটীয়া আছিল লক্ষ্মীনাথ বেজবৰুৱা। বেজবৰুৱাৰ 'তত্ত্বকথা'ৰ মাজত শংকৰদেৱৰ ধৰ্মীয় চিন্তাৰ লগত বিভিন্ন সন্ত আৰু ধৰ্মগুৰুৰ চিন্তাধাৰাৰ তুলনামূলক বিশ্লেষণ পোৱা যায়। ইয়াৰ পিছতে নাম ল'ব পাৰি বাণীকান্ত কাকতিৰ৷ কাকতিয়ে ‘বধকাব্য’ৰ আলোচনা প্ৰসংগত মধ্যযুগীয় ইউৰোপীয় ৰোমাঞ্চ কাব্যৰ ৰিজনি টানি আনিছিল আৰু 'হেমাসুন্দৰী' আখ্যানৰ লগত ইংৰাজ কবি স্পেনচাৰৰ কাব্যৰ মিল দেখুৱাইছিল। অসমত তুলনামূলক অধ্যয়নৰ গুৰুত্বপূৰ্ণ নাম হ'ল কৃষ্ণকান্ত সন্দিকৈ। সন্দিকৈয়ে অনুবাদৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিশেষভাবে আলোচনা কৰিছিল। 'স্পেইনদেশীয় বোমিঅ' জুলিয়েট' আৰু দুই এটি প্ৰৱন্ধৰ যোগেদি অসমীয়া পাঠকক বিশ্ব সাহিত্যৰ সোৱাদ দান কৰিছিল। কালিৰাম মেধি, মহেশ্বৰ ...

নিমন্ত্ৰণ..... অসমীয়া চুটি গল্প

ভাৰতত তুলনামূলক সাহিত্যৰ সংজ্ঞা আৰু প্ৰাসংগিকতা

ভাৰতত তুলনামূলক সাহিত্যৰ সংজ্ঞা আৰু প্ৰাসংগিকতা  ভাৰতৰ বিভিন্ন আঞ্চলিক সাহিত্যৰ মাজত উমৈহতীয়া লক্ষণ আৰু বৈশিষ্ট্যৰে বৰ্তি থকা ভাৰতীয় সাহিত্যৰ অখণ্ড ৰূপ উপলব্ধি কৰিব পাৰি। এই আঞ্চলিক সাহিত্যসমূহৰ গোট উপলব্ধিয়েই হ’ল ভাৰতীয় সাহিত্যৰ উপলব্ধি । কিছুমান লক্ষণে আঞ্চলিক সাহিত্যক আঞ্চলিক হৈয়ো অখণ্ড ভাৰতীয় সাহিত্যৰ বৈশিষ্ট্য দান কৰিছে। কাৰণ ভাৰতৰ আঞ্চলিক সাহিত্যসমূহৰ উদ্ভৱ হৈছে ভাৰতীয় চিন্তাৰ একেডাল ঘাই শিপাৰপৰা৷ দৰ্শনৰ প্ৰভাৱ ভাৰতীয় মনত বৰ গভীৰ। বিশ্ব সাহিত্যৰ মাজত ভাৰতীয় সাহিত্য একক হৈ আছে এই দার্শনিক চিন্তাৰ বিশিষ্টতাৰবাবেই। ষড় দৰ্শনৰ বিভিন্ন তত্ত্বই বেখাপাত কৰা ভাৰতীয় মনত জীৱন আৰু মৃত্যু সম্পর্কে যি ধাৰণা আছে তাৰ ভিতৰত জন্মান্তৰবাদ, আত্মাৰ অবিনশ্বৰৰ্তা, কর্মফল আদিৰ ধাৰণা অতি প্রবল। ধর্ম-অর্থ-কাম-মোক্ষৰ ধাৰণাও স্পষ্ট। ভাৰতীয় মন ভোগবাদী নহয়, বৈৰাগ্যত বিশ্বাসী। ব্রহ্ম আৰু জীৱৰ সম্পৰ্ক, পুৰুষ প্রকৃতি, বিদ্যা অবিদ্যা আদি দুৰূহ তত্ত্বৰ বিশ্লেষণ ভাৰতীয় মানুহে প্রায় অপ্ৰয়াসেই নিজৰ চিন্তাধাৰাত উত্তৰাধিকাৰ সূত্ৰে লাভ কৰিছে৷ এইবোৰ দার্শনিক চিন্তাধাৰাৰ বীজ ভাৰতৰ লোকমন। আৰু লোকসংস্কৃত...

অসমীয়া অনুগল্প ( প্ৰশ্নোত্তৰ)

   অসমীয়া অনুগল্প                      প্ৰশ্নোত্তৰ -তেওঁলোকে সুধিছিল "তোমাৰ দৃষ্টিৰে  জীৱন মানে কি?" - উত্তৰত মই কৈছিলো.."কেতিয়াবা জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ , কেতিয়াবা মৃত্যুৰ তীব্ৰ কামনা , কেতিয়াবা বিজুলী বেগেৰে আহি নিমিষতে হেৰাই যোৱা সুখ , কেতিয়াবা পাৰ ভাগি বৈ অহা বলিয়া বানৰ দৰে ডুবাই যোৱা দুখ। এই সকলোবোৰ অনুভূতিৰ সংমিশ্ৰণত যি উৎপন্ন হয়, মোৰ দৃষ্টিৰে সেয়াই জীৱন।" - (ক্ষন্তেক ৰ লাগি চাই তেওঁলোকে আকৌ সুধিছিল ) " উপন্যাস বৰকৈ পঢ়া নেকি?" - "মানুহৰ জীৱনেই একো একোখন উপন্যাস, গতিকে ইচ্ছা নকৰিলেও পঢ়িব লগা হয় । জীয়াই আছো যেতিয়া, মানুহৰ সমাজত।" শেঁতা হাঁহি এটিৰে উত্তৰ দিলো।  -"তুমি কোনবোৰ মানুহক সুখী বুলি ভাবা?" তেওঁলোকে আকৌ প্ৰশ্ন কৰিছিল। -"বাটে-পথে ঘূৰি ফুৰা মানসিক ৰোগীবোৰক।" উত্তৰ দিলো। - "কিয়?"  -"তেওঁলোকৰ পোৱাৰ আশা আৰু  হেৰুৱাৰ ভয় নাথাকে। অতীত, বৰ্তমান আৰু ভৱিষ্যতক লৈ তেওঁলোকৰ মন মগজুত দুখ শংকা নাথাকে। লাজ ভয় সংকোচ একো অনুভূতিয়ে তেওঁলোকক দমাব নোৱাৰে। " -"কোনো কোনোৰ মতে মগনীয়াবোৰো সুখী তেওঁলোকৰ পোৱাৰ আশা ...

অনুবাদৰ সীমাবদ্ধতা তথা সমস্যা

  অনুবাদৰ সীমাবদ্ধতা তথা সমস্যা অনুবাদ প্ৰক্ৰিয়া বৰ সহজ নহয়। একো একোটা সাহিত্য সম্পৰ্কীয় লেখা, পত্ৰ আদিত সাংস্কৃতিক পৰম্পৰা, সামাজিক গাঁথনিৰ প্ৰভাৱ দেখা যায়। প্রত্যেক ভাষাৰে ভাৱ প্ৰকাশৰ কালিকা শক্তিও থাকে। জতুৱা ঠাঁচ, খণ্ডবাক্য, লোক ভাষা আদি এনে কালিকা শক্তিৰ অধিকাৰী ৷ সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰত প্ৰতীক, চিত্রকল্প, সাংগীতিক লয় আদিৰ অনুবাদ কৰা এক জটিল কাম ৷ ভাষাৰ ব্যাকৰণগত বিষয়বোৰেও কেতিয়াবা আহুকালত পেলায়। সেয়েহে বহুসময়ত অনুবাদ মূল বিষয়ৰ প্ৰতিকৃতি বা ফটো হৈ নপৰে। কৰবী ডেকা হাজৰিকাই সেয়েহে উল্লেখ কৰিছে  “ বৰ্তমান কালত অনুবাদৰ স্বাধীন, মৌলিক আৰু স্বচ্ছন্দ ভংগীৰ পৰ্যবেক্ষণ কৰি অনুবাদ কলাক সাৰ্থকভাৱেই অনুসৃষ্টি আখ্যা দিয়া হৈছে। প্রথম জন্ম দিয়ে লেখকে, তাৰ পিছত দ্বিজত্ব দান কৰে অনুবাদকে৷ সেয়েহে সার্থক অনুবাদ মূলৰ যথাযথ ভাঙনি নহয়, প্রকৃততে অনুসৃষ্টিহে। অনুবাদৰ সমস্যাসমূহ তলত দিয়া ধৰণেৰে দেখুৱাব পাৰি:- সাংস্কৃতিক সমস্যাঃ কোনো এক সাংস্কৃতিক পৰিমণ্ডলক সংশ্লিষ্ট ভাষাটোৱে প্ৰকাশ কৰিব পাৰে। প্রত্যেক সংস্কৃতিৰে নিজা চৰিত্ৰ আৰু বৈশিষ্ট্য থাকে। সেই চৰিত্ৰ আৰু বৈশিষ্ট্যসমূহ ভাষ...