অনুবাদৰ সীমাবদ্ধতা তথা সমস্যা
অনুবাদ প্ৰক্ৰিয়া বৰ সহজ নহয়। একো একোটা সাহিত্য সম্পৰ্কীয় লেখা, পত্ৰ আদিত সাংস্কৃতিক পৰম্পৰা, সামাজিক গাঁথনিৰ প্ৰভাৱ দেখা যায়। প্রত্যেক ভাষাৰে ভাৱ প্ৰকাশৰ কালিকা শক্তিও থাকে। জতুৱা ঠাঁচ, খণ্ডবাক্য, লোক ভাষা আদি এনে কালিকা শক্তিৰ অধিকাৰী ৷ সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰত প্ৰতীক, চিত্রকল্প, সাংগীতিক লয় আদিৰ অনুবাদ কৰা এক জটিল কাম ৷ ভাষাৰ ব্যাকৰণগত বিষয়বোৰেও কেতিয়াবা আহুকালত পেলায়। সেয়েহে বহুসময়ত অনুবাদ মূল বিষয়ৰ প্ৰতিকৃতি বা ফটো হৈ নপৰে। কৰবী ডেকা হাজৰিকাই সেয়েহে উল্লেখ কৰিছে “ বৰ্তমান কালত অনুবাদৰ স্বাধীন, মৌলিক আৰু স্বচ্ছন্দ ভংগীৰ পৰ্যবেক্ষণ কৰি অনুবাদ কলাক সাৰ্থকভাৱেই অনুসৃষ্টি আখ্যা দিয়া হৈছে। প্রথম জন্ম দিয়ে লেখকে, তাৰ পিছত দ্বিজত্ব দান কৰে অনুবাদকে৷ সেয়েহে সার্থক অনুবাদ মূলৰ যথাযথ ভাঙনি নহয়, প্রকৃততে অনুসৃষ্টিহে।
অনুবাদৰ সমস্যাসমূহ তলত দিয়া ধৰণেৰে দেখুৱাব পাৰি:-
সাংস্কৃতিক সমস্যাঃ কোনো এক সাংস্কৃতিক পৰিমণ্ডলক সংশ্লিষ্ট ভাষাটোৱে প্ৰকাশ কৰিব পাৰে। প্রত্যেক সংস্কৃতিৰে নিজা চৰিত্ৰ আৰু বৈশিষ্ট্য থাকে। সেই চৰিত্ৰ আৰু বৈশিষ্ট্যসমূহ ভাষাটোরে পূর্ণাংগৰূপত প্ৰকাশ কৰিব পাৰে। অনুবাদৰ ক্ষেত্ৰত এই ভাব ব্যঞ্জনাসমূহে অসুবিধাত পেলায়। অসমৰ পটভূমিত পঁইতা ভাত, খৰিচা, পিটিকা, কোমল চাউল, তিলপিঠা, ভাত পিঠাৰ আদিৰ গুৰুত্ব অন্য সংস্কৃতিৰ মানুহে একে আন্তৰিকতা আৰু হেঁপাহেৰে অনুভৱ কৰিব নোৱাৰে। সম্বন্ধ বুজোৱা শব্দসমূহৰ ক্ষেত্ৰতো একে কথাই খাটে।ইংৰাজী ভাষাৰ ‘Uncle' শব্দটোৱে যি অর্থ প্রতিনিধিত্ব কৰে অসমত তাৰ এক পৃথক পৰিস্থিতি দেখা যায়। মোমাই, খুৰা দুয়োটা শব্দৰ অনুভূতি আৰু মর্যাদা একে নহয়। বিয়াখনত ‘মোমাই টেকেলি ধৰা”ৰ সময়ত মোমাইৰ যি গুৰুত্ব, একে গুৰুত্ব শ্ৰাদ্ধৰ সময়ত মোমাইৰ নাথাকে, থাকে খুৰাক বা বৰদেউতাকৰহে। তাৱৈ, আমৈ শব্দ দুটাৰো গুৰুত্ব লক্ষ্য কৰিব। লগীয়া। একে বন্ধু যদিও হৰ্ভিকত, সখি একে নহয়। এনে অলেখ সাংস্কৃতিক বিষয়ে অনুবাদৰ ক্ষেত্ৰত অসুবিধাত পেলায়।
শব্দভাণ্ডাৰঃ সকলো ভাষাৰে শব্দ ভাণ্ডাৰ একে নহয়। সাংস্কৃতিক আৰু ভৌগোলিক পৰিমণ্ডলক প্ৰকাশ কৰিব পৰাকৈ সংশ্লিষ্ট ভাষাটিত শব্দৰ অভাৱ নহয়। পৃথক ভাষিক পৰিস্থিতিৰ পৰা অহা বিষয় বা শব্দ প্ৰকাশ কৰিবলৈ শব্দৰ অভাৱ দেখা যায়। অসমীয়া নদী বাচক শব্দ নৈ, জান, নিজৰা, জুৰি, নদ, জুলি আদি শব্দ আছে। ইংৰাজী ভাষা বা অন্য তেনে জাতীয় ভাষাত হয়তো এনে বহু শব্দ পোৱা নাযাব। প্রফুল্ল কটকীদেৱে 'তুলনামূলক সাহিত্য আৰু অনুবাদ বিচাৰ' গ্ৰন্থত উল্লেখ কৰিছে
“ইংৰাজী ভাষাৰ তুলনাত অসমীয়া ভাষাত অনুকাৰ, অনুৰূপ আৰু ভাববোধক (Interjectional) শব্দৰ সংখ্যা তেনেই কম। গতিকে কেইটামান শব্দকে যথার্থ হওক নহওক, বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব লগা হয়।"
ভাষাভেদে একেটা শব্দৰে অর্থভিন্নতাও দেখা যায়। নীৰাজনা মহন্ত বেজবৰাই উদাহৰণসহ দেখুৱাইছে এনেদৰে
“কেতিয়াবা আকৌ তৎসম শব্দবিলাকৰ ভাষা ভেদে অর্থও বৈলেগ দেখা যায়। উদাহৰণ স্বৰূপে সংস্কৃত, হিন্দী আদিত ‘অপৰূপ'ৰ অৰ্থ ৰূপৰ অপকর্ষণ অথবা কুরূপ। কিন্তু অসমীয়াত ইয়াৰ অৰ্থ অতি সুন্দৰ। 'অৱসৰ’ শব্দৰ অৰ্থ অসমীয়াত আজৰি সময়, হিন্দীত ‘সুবিধা' আৰু তামিলত 'সোনকালে'। 'পাষাণ' মানে কানাড়া ভাষাত বিষ, অসমীয়া, হিন্দী, সংস্কৃত আদিত শিল। 'অকস্মাৎ' মানে গুজাৰাটী ভাষাত দুর্ঘটনা, কিন্তু হিন্দী, অসমীয়া আদিত হঠাৎ। ভাষাভেদে একেটা শব্দৰে এনেকুৱা অর্থভিন্নতা থাকিলে অনুবাদ কৰোতে অনুবাদকে স্রোত ভাষাৰ অৰ্থলৈ মন নকৰি কেতিয়াবা মাতৃভাষাৰ অৰ্থৰ দ্বাৰা ভুল পথে পৰিচালিত হোৱা দেখা যায়।”
বাক্য গাঁথনিঃ প্রত্যেক ভাষাৰে বাকা গাঁথনিৰ ৰূপ বেলেগ। বাক্য গাঁথনিৰ বাপ সঠিকভাৱে অনুধাৱন কৰিব নোৱাৰিলে বাক্যই অৰ্থ প্ৰকাশ কৰিব পাৰিব, কিন্তু শ্রুতিমধুৰতা হেৰুৱাব। সাম্প্ৰতিক সময়ত ইংৰাজী ভাষাৰ বাক্য গাঁথনিৰ প্ৰভাৱত অসমীয়া ভাষাত কিছুমান বাক্যৰ প্ৰয়োগ হোৱা দেখা গৈছে। বিভিন্ন প্ৰচাৰ মাধ্যমতো এনে বাকাৰ পয়োভৰ দেখা যায়। উদাহৰণস্বৰূপে--
“অযোধ্যাত এজন ৰজা আছিল, তেওঁৰ নাম দশৰথ”। এই বাক্যটি অসমীয়া যেন লাগিলেও বাক্য গাঁথনিটো কিন্তু অসমীয়া ভাষাৰ নহয়। ইংৰাজী বাক্যটো চালেই সেয়া স্পষ্ট হ'ব There was a king in Ayoddhya, whose name was Dasharatha. এই বাক্য অসমীয়া ভাষাত হ’ব লাগিছিল
“অযোধ্যাত দশৰথ নামৰ এজন ৰজা আছিল। ভাষাভেদে বাকাত কর্তা, কর্ম, ক্রিয়াণ স্থান পৃথক হয়। সেয়েহে এনে বিষয়ব্যবোৰ সঠিকভাৱে আয়ত্ব কৰিব নোৱাৰিলে সমস্যাৰ সৃষ্টি হয়।
ব্যাকৰণ সম্বন্ধীয় ভাষাভেদে ব্যাকরণগত বিষয়বোৰ পৃথক। প্রত্যেক ভাষাৰে ব্যাকৰণৰ গাঁথনিগত নিয়মসমূহে অনুবাদৰ ক্ষেত্ৰত অসুবিধাত পেলায়। উদাহৰণ স্বৰূপে ইংৰাজী ভাষাত He/ She বুলি কওঁতে অসমীয়া ভাষালৈ কিবুলি অনুবাদ কৰা হ'ব? কাৰণ অসমীয়াত এই সৰ্বনামৰ ৰূপ বুজাবলৈ 'সি', 'তাই', 'তেওঁ', 'তেখেত', 'এখেত' আছে। ইয়াৰ কোনটোক গ্ৰহণ কৰা হ'ব৷ অসমীয়া ভাষাত কেতিয়াবা প্রথম পুৰুষৰ একবচনৰ অৰ্থত বহুবচনৰ সর্বনাম ব্যৱহাৰ কৰা হয়। উদাহৰণ- 'আমাক এই মহান দায়িত্ব দিয়াত আমি অতি উৎসাহিত আৰু শংকিত হৈ পৰিছো। এজন ব্যক্তিয়ে এনেদৰে কওঁতে 'আমি'য়ে বিনয়ী অৰ্থত ব্যক্তিজ্ঞানক বুজোৱা অৰ্থহে প্ৰকাশ কৰে।
বিশেষ্যৰ সৈতে লিংগ, বচন, কাৰক আদি সংযোগ হোৱাৰ নিয়মসমূহ একে নহয়। উদাহৰণস্বৰূপে ইংৰাজী, অসমীয়া ভাষাত বচন দুবিধ যদিও সংস্কৃত ভাষাত বচন তিনিধি। অসমীয়া ভাষাত বচন আৰু লিংগ নিৰপেক্ষ রূপো পোৱা যায়। মানুহ, গৰা আদি এনে শব্দৰ উদাহৰণ। 'মানুহ আহিছে বুলি কওঁতে ‘পুৰুষ নে মহিলা’, ‘এজন নেদুজন' উক্তিটোত স্পষ্ট নহয়। ইংৰাজী ভাষাত আকৌ কিছুমান শব্দ বহুবচনৰ Stationary, Mechinary আদি। একেটা ভাষাৰে Physics, Economics আদিত বহুবচনৰ 'S' যুক্ত হৈ থকা যেন লাগিলেও ব্যৱহাৰত ই একবচন। অসমীয়া ভাষাত 'মোৰ পৰম উঠিছে', 'মোৰ ঠাণ্ডা লাগিছে' বুলি কোৱা হয়। মোৰ ঠাণ্ডা উঠিছে' বুলি কোৱা নহয়। এনেধৰণৰ বিষয়বোৰ সঠিক ভাৱে আয়ত্ব কৰিব নোৱাৰিলে অনুধাদত সমস্যাৰ সৃষ্টি হয়।
জতুৱা ঠাঁচ, লোকভাষা আৰু ফকৰা যোজনাঃ জতুৱা ঠাঁচ ফকৰা যোজনা, লোক ভাষাই এটা ভাষাক ব্যঞ্জনাপূর্ণ আৰু স্বকীয় কৰি তোলে। ভাষাৰ কালিকা শক্তিস্বৰূপ এই ৰূপসমূহ ভাষাটিৰ নিজা সম্পদ। অন্য এটা ভাষাত হুবহু একে এনেধৰণৰ বিষয় পোৱা নাযায়৷ এনে বিষয়বোৰৰ সৈতে একোখন সমাজৰ সামাজিক, সাংস্কৃতিক, ধর্মীয়, ঐতিহাসিক বিষয় জড়িত হৈ থাকে। এনেধৰণৰ বিষয়ত অনুবাদকে স্রোেত ভাষাৰ শব্দ আৰু অৰ্থৰ দৃষ্টিৰে প্ৰায় একেধৰণৰ জতুৱা ঠাঁচ ফকৰা যোজনা লক্ষ্য ভাষাত সন্ধান কৰিব লাগে।
জতুৱা ঠাঁচৰ অনুবাদৰ সমস্যাৰ বিষয়ে নীৰাজনা মহন্তই বেজবৰাই উল্লেখ কৰিছে এনেদৰে “জতুৱা ঠাঁচৰ সহায়ত ভাব প্রকাশন সহজ আৰু ব্যানাপূর্ণ হয়। কিন্তু অনুবাদৰ সময়ত ই অত্যন্ত জটিলতা উৎপন্ন কৰে। যিকেইটা শব্দৰে জতুৱা ঠাঁচটো নির্মিত হয়, তার সামগ্রিক অৰ্থত সেই শব্দবিলাকৰ বাচ্যাৰ্থতকৈ বাঞ্জিত অর্থহে নিহিত হৈ থাকে। কোনো কোনো জতুৱা ঠাঁচত শব্দৰ অৰ্থ সমূলি নেথাকে বুলিব পাৰি। 'বুকুৰে ধান না,' 'কলিঙ্গ চাই কামোৰ মৰা, বোলোতে ইহঁতৰ শাব্দিক অর্থ একেবাবে লোপ পাইছে। এনেক্ষেত্ৰত বঞ্ছিত অৰ্থত নুবুক্তি শাব্দিক অর্থৰে অন্য ভাষালৈ অনুবাদ কৰিলে মূল অৰ্থৰ দাৰুণ অনর্থ ঘটিক।”
অলংকাৰ, প্রতীক, চিত্রকল্প অনুবাদৰ সমস্যা : অলংকাৰৰ ক্ষেত্ৰত শব্দা অনুবাদত বেছি জটিলতা দেখা যায়। 'ৰাম নিৰঞ্জন, পাতক ভত্তা/ দানগয়ন, গোপীকাৰঞ্জন" এনেধৰণৰ শব্দালংকাৰ অনুবাদ কৰিবলৈ লক্ষ্য ভাষাৰ শব্দভাণ্ডাৰত সমজাতীয় শব্দ সম্ভব হ'বনে নহয় সেয়া ভাবি চাবলগীয়া। অর্থালংকাৰৰ ক্ষেত্ৰতো সমস্যা আছে। সকলো ভাষাত উপমানৰ বিষয়বোৰ একে নহয়। পদুম, সেন্দুৰ, কলাপাত আদি বিষয়বোৰ উপমান হৈ পৰা অৱস্থাত এই বিষয়বোৰৰ সৈতে আত্মিক সম্পর্ক নথকা ব্যক্তিৰ বাবে অর্থনিংকাৰে আচল অৰ্থ প্ৰকাশ কৰাত ব্যৰ্থ হ'ব। কেতিয়াবা একেটা উপমানৰে ভাষাভেদে অর্থ ভিন্ন হয়। হিন্দী ভাষাত ফেঁচা মুর্খ, অসমৰ সমাজ-জীৱনত ফেঁচা নিয়তি আৰু ইংৰাজী ভাষাত ফেঁচাই বুদ্ধিমানৰ অৰ্থ বহন কৰে। প্রতীক, চিত্রকল্পৰ ক্ষেত্রতো একেই সমস্যা। 'তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ' বুলি কওঁতে খোপাধ ব্যৱহাৰ নথকা এখন সমাজৰ ব্যৱহৃত ভাষাত উপযুক্ত শব্দ বিচাৰি পাবলৈ অসুবিধা হ'ব। জেতুকা বোলোৱা গাভৰু গৰাকীয়ে অসমৰ পটভূমিত এগৰাকী বিহুৰ নাচনীৰ চিত্ৰ এটিহে মনলৈ আনিব হিন্দীত 'মেহেন্দী' (জেতুকা) লগোৱা গাভৰ বুলি কওঁতে এগৰাকী বিয়াৰ কন্যাৰ ছবিহে মনলৈ আহিব।
লিপান্তৰকৰণৰ সমস্যা কোনো কোনো ভাষাৰ শব্দ উচ্চাৰণৰৰ ক্ষেত্ৰত শুদ্ধ ৰূপ ধৰি ৰাখিব পাৰিলেও সঠিকভাৱে লিপান্তৰ কৰাটো কেতিয়াবা সমস্যা হৈ পৰে। অনুবাদত সকলো শব্দৰে প্ৰতিশব্দ বা পৰিভাষা নাপাবও পাৰে। তেনে ক্ষেত্ৰত লিপ্যস্তৰৰ প্ৰসঙ্গ আহি পৰে৷ সকলো ভাষাতে সমসংখ্যক ধ্বনি নাথাকে। একেদৰে আখৰো নাথাকে। সেয়েহে লিপাস্তবে অসুবিধাৰ সৃষ্টি কৰে। উদাহৰণ এটাৰে চোৱা যাওক-Shakespear শব্দটো অসমীয়া ভাষাত শ্বেইক্সপীয়েৰ শুদ্ধ হ’বনে শেক্সপীয়েৰ শুদ্ধ হ'ব।
অনুবাদত এনেধৰণৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে। ইয়াত কেইটামান সমস্যা বিষয়েহে আলোচনা কৰা হৈছে।
সংগ্ৰহ: অসমীয়া ভাষা আৰু ইয়াৰ প্ৰয়োগ
সম্পাদনা-ডঃগৌতম কাকতি
যোগেন তামুলী
Comments
Post a Comment