অসমীয়া অনুগল্প
প্ৰশ্নোত্তৰ
-তেওঁলোকে সুধিছিল "তোমাৰ দৃষ্টিৰে জীৱন মানে কি?"
- উত্তৰত মই কৈছিলো.."কেতিয়াবা জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ , কেতিয়াবা মৃত্যুৰ তীব্ৰ কামনা , কেতিয়াবা বিজুলী বেগেৰে আহি নিমিষতে হেৰাই যোৱা সুখ , কেতিয়াবা পাৰ ভাগি বৈ অহা বলিয়া বানৰ দৰে ডুবাই যোৱা দুখ। এই সকলোবোৰ অনুভূতিৰ সংমিশ্ৰণত যি উৎপন্ন হয়, মোৰ দৃষ্টিৰে সেয়াই জীৱন।"
- (ক্ষন্তেক ৰ লাগি চাই তেওঁলোকে আকৌ সুধিছিল )
" উপন্যাস বৰকৈ পঢ়া নেকি?"
- "মানুহৰ জীৱনেই একো একোখন উপন্যাস, গতিকে ইচ্ছা নকৰিলেও পঢ়িব লগা হয় । জীয়াই আছো যেতিয়া, মানুহৰ সমাজত।" শেঁতা হাঁহি এটিৰে উত্তৰ দিলো।
-"তুমি কোনবোৰ মানুহক সুখী বুলি ভাবা?" তেওঁলোকে আকৌ প্ৰশ্ন কৰিছিল।
-"বাটে-পথে ঘূৰি ফুৰা মানসিক ৰোগীবোৰক।" উত্তৰ দিলো।
- "কিয়?"
-"তেওঁলোকৰ পোৱাৰ আশা আৰু হেৰুৱাৰ ভয় নাথাকে। অতীত, বৰ্তমান আৰু ভৱিষ্যতক লৈ তেওঁলোকৰ মন মগজুত দুখ শংকা নাথাকে। লাজ ভয় সংকোচ একো অনুভূতিয়ে তেওঁলোকক দমাব নোৱাৰে। "
-"কোনো কোনোৰ মতে মগনীয়াবোৰো সুখী তেওঁলোকৰ পোৱাৰ আশা আৰু হেৰুৱাৰ ভয় নাই , তুমি কি ভাবা?"
-"মোৰ মতে সেয়া অসত্য । কাৰণ জীয়াই থকাৰ মোহতে তেওঁলোকে দিনটো কষ্ট কৰি মাগি ফুৰে। গতিকে তেওঁলোকৰ জীৱনটো হেৰুৱাৰ ভয় থাকে আৰু কোনোবাই এমুঠি দিব বুলি আশা।"
তেওঁলোকে পুনৰ প্ৰশ্নৰ টোপোলাটো খুঁচৰিব খোজোতেই মই বিদায় সম্ভাষণ জনাই অহা পথেৰেই উভটনি বাট বুলিলো। লক্ষ্যস্থান....আধৰুৱা উপন্যাস।
-দেৱযানী
Comments
Post a Comment