Skip to main content

ভাৰতত তুলনামূলক সাহিত্যৰ সংজ্ঞা আৰু প্ৰাসংগিকতা

ভাৰতত তুলনামূলক সাহিত্যৰ সংজ্ঞা আৰু প্ৰাসংগিকতা

 ভাৰতৰ বিভিন্ন আঞ্চলিক সাহিত্যৰ মাজত উমৈহতীয়া লক্ষণ আৰু বৈশিষ্ট্যৰে বৰ্তি থকা ভাৰতীয় সাহিত্যৰ অখণ্ড ৰূপ উপলব্ধি কৰিব পাৰি। এই আঞ্চলিক সাহিত্যসমূহৰ গোট উপলব্ধিয়েই হ’ল ভাৰতীয় সাহিত্যৰ উপলব্ধি । কিছুমান লক্ষণে আঞ্চলিক সাহিত্যক আঞ্চলিক হৈয়ো অখণ্ড ভাৰতীয় সাহিত্যৰ বৈশিষ্ট্য দান কৰিছে। কাৰণ ভাৰতৰ আঞ্চলিক সাহিত্যসমূহৰ উদ্ভৱ হৈছে ভাৰতীয় চিন্তাৰ একেডাল ঘাই শিপাৰপৰা৷ দৰ্শনৰ প্ৰভাৱ ভাৰতীয় মনত বৰ গভীৰ। বিশ্ব সাহিত্যৰ মাজত ভাৰতীয় সাহিত্য একক হৈ আছে এই দার্শনিক চিন্তাৰ বিশিষ্টতাৰবাবেই। ষড় দৰ্শনৰ বিভিন্ন তত্ত্বই বেখাপাত কৰা ভাৰতীয় মনত জীৱন আৰু মৃত্যু সম্পর্কে যি ধাৰণা আছে তাৰ ভিতৰত জন্মান্তৰবাদ, আত্মাৰ অবিনশ্বৰৰ্তা, কর্মফল আদিৰ ধাৰণা অতি প্রবল। ধর্ম-অর্থ-কাম-মোক্ষৰ ধাৰণাও স্পষ্ট। ভাৰতীয় মন ভোগবাদী নহয়, বৈৰাগ্যত বিশ্বাসী। ব্রহ্ম আৰু জীৱৰ সম্পৰ্ক, পুৰুষ প্রকৃতি, বিদ্যা অবিদ্যা আদি দুৰূহ তত্ত্বৰ বিশ্লেষণ ভাৰতীয় মানুহে প্রায় অপ্ৰয়াসেই নিজৰ চিন্তাধাৰাত উত্তৰাধিকাৰ সূত্ৰে লাভ কৰিছে৷ এইবোৰ দার্শনিক চিন্তাধাৰাৰ বীজ ভাৰতৰ লোকমন। আৰু লোকসংস্কৃতিত এনেভাৱে মিহলি হৈ আছে যে বিভিন্ন অঞ্চলৰ সাহিত্যত ই যিকোনো প্ৰকাৰে প্ৰতিফলিত হয়। ভাৰতত থকা ইছলামিক সাহিত্যৰ শক্তিশালী ধাৰাটোৰ কথাও এই প্ৰসংগত বিশেষভাৱে আলোচনাৰ যোগ্য। মুছলমানসকলৰ প্ৰৱজনৰ ফলত আৰবী-ফাৰ্চী সাহিত্যৰ সংস্পৰ্শলৈ অহা ভাৰতীয় সাহিত্যই কালক্রমে এক মিশ্রিত চিন্তাধাৰাৰ প্ৰতিফলন ঘটাইছিল। চুফীবাদৰ দৰে আধ্যাত্মিক ৰহস্যবাদ আৰু ভাৰতীয় অধ্যাত্ম-চিন্তাৰ মিশ্ৰণত একপ্ৰকাৰ অভিনৱ সাহিত্য চিন্তাৰ উদ্ভৱ হৈছিল। উর্দু ভাষাই সেতুৰ কাম কৰিছিল ইছলামিক দর্শন আৰু ভাৰতীয় চিন্তাৰ মিশ্ৰণত। উর্দু কবি আমীৰ খুচ্‌কৰ কবিতাত জাতি আৰু সম্প্ৰদায়ৰ সংকীর্ণতা পাৰ হৈ ভাৰতীয় মনৰ ভগৱং প্ৰেম আৰু সৌন্দৰ্য-তৃষ্ণা কাব্যিক সৌন্দর্যেৰে জিলিকি উঠিছিল। ভালেকেইজন উর্দু কবি, মধ্যযুগৰ ভক্ত মুছলমান কবি আৰু প্ৰচাৰকৰ হাতত চুফিবাদৰ ভগৱান সন্ধান মিলি পৰিছিল ভাৰতীয় বেদান্ত-দর্শন আৰু ভক্তিতত্ত্বৰ লগত। কবীৰৰ দোহা আৰু আজান ফকীৰৰ জিকিৰ গীতবোৰত হিন্দু আৰু মুছলমান উভয় সম্প্রদায়ৰে চিন্তা আৰু দৰ্শনৰ মিশ্রণ দেখা যায়। সাংস্কৃতিক সংমিশ্রণৰ শুভফল ৰূপে এই সাহিত্যিক প্রকাশসমূহক চিনাক্ত কৰিব পাৰি।

       ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ ভৌগোলিক দূৰত্বক আওকাণ কৰি কেনেদৰে চিন্তা আৰু ধাৰণাৰ প্ৰৱজন ঘটিছে সেইকথা বিচাৰ কৰিলে আচৰিত হ'ব লগা হয়। উত্তৰ ভাৰতৰ বেদ আৰু উপনিষদৰ চিন্তাই দক্ষিণ ভাৰতত প্ৰৱেশ কৰাৰ পিছত শংকৰৰ অদ্বৈতবাদ আৰু ৰামানুজৰ বিশিষ্টাদ্বৈতবাদ ৰূপে পুনৰ উত্তৰলৈ উভতি অহাৰ প্ৰক্ৰিয়াটোৱেই অতি কৌতুহলোদ্দীপক। দক্ষিণ ভাৰতত উদ্ভৱ হোৱা ভক্তি-ধৰ্মই ক্ৰমে সমগ্র 

ভাৰতবৰ্ষৰ্থনকে ধুৱাই পেলাইছিল। কাশ্মীৰৰ পৰা অহা শৈৱধৰ্মই তামিলনাড়ুত খোপনি পুতিছিল। নেপালত উদ্ভৱ হোৱা, মধ্যভাৰতত প্ৰভাৱ বিস্তাৰ কৰা বৌদ্ধধর্ম অসমত মিলি পৰিছিল শাক্ত তান্ত্রিকতাৰ লগত। এই আটাইবোৰ ধৰ্মীয় চিন্তাৰ কাষে কাষে কিছুমান সাহিত্য ৰূপৰ উদ্ভৱ আৰু বিকাশ ঘটিছিল। সেইবোৰৰ প্ৰকৃতিত আঞ্চলিকতা আৰু অখণ্ডতা সমানে প্রতিফলিত হৈছে। ভাৰতীয় মনৰ বৈচিত্র্য আৰু বহুধা বিভক্ত চিন্তাধাৰা এক হৈ মিলি পৰিছে ভক্তিগীত, কবিতা আৰু সাহিত্যৰ বিভিন্ন ৰূপত।


ভাৰতীয় সাহিত্যৰ ভাৰতীয়ত্ব নিৰ্মাণৰ ক্ষেত্ৰত অতি উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে মহাকাব্য দুখনে। আঞ্চলিক সাহিত্যৰ যোগেদি চুকে কোণে বিয়পি পৰা ৰামায়ণৰ আঞ্চলিক ৰূপত স্থানীয় মনোৰঞ্জনৰ বিবিধ উপাদান সংযোজিত হ'লেও একেই আৱেদন আৰু প্ৰেৰণাৰে ই ভাৰতীয় সাহিত্যৰ মূল শক্তি ৰূপে কাম কৰি আহিছে, ভাৰতীয় মনৰ চিন্তা আৰু শক্তি বহুখিনি নিয়ন্ত্ৰণ কৰিছে। মহাভাৰতৰ পল্লৱিত ৰূপে ভাৰতীয় সাহিত্যত বিবিধ কাহিনী, উপকাহিনী আৰু সিবোৰৰ আশ্রিত খণ্ড সাহিত্যৰ সৃষ্টি কৰিছে৷ এইবোৰৰ মাজত একেটা ভাৰতীয় মনৰ প্রকাশ সুস্পষ্ট। মহাকাব্য দুখনৰ বাহিৰেও জাতক, পুৰাণ, লোক-সাহিত্য আৰু সংগীত শাস্ত্ৰৰ ঐশ্বর্যময় পৰম্পৰাই ভাৰতীয় সাহিত্যৰ অভ্যন্তৰত এক অখণ্ড সত্ত্বা দান কৰিছে।


আধুনিক কালৰ ভাৰতীয় সাহিত্যৰ এক উমৈহতীয়া লক্ষণ হ'ল পাশ্চাত্য সাহিত্যৰ এক সচেতনতা। আধুনিক ভাৰতীয় সাহিত্যৰ প্ৰতিটো আঞ্চলিক ৰূপতে পাশ্চাত্যৰ প্ৰভাৱত এক নৱজাগৰণৰ সৃষ্টি হৈছিল। নৱজাগৰণৰ ফলত জাগি উঠা ৰোমাণ্টিক চেতনা আৰু তাৰো পিছত সৃষ্টি হোৱা আধুনিক দৃষ্টিভংগীৰ আঁৰত পাশ্চাত্যৰ যি অনুপ্ৰেৰণা আছে, সি ভাৰতীয় সাহিত্যৰ এক বিভিন্ন আঞ্চলিক ৰূপৰ মাজত একে ধৰণৰ এক চিন্তাধাৰাৰ জন্ম দিছে।


ঊনৈশ শতিকাত যেতিয়া ইউৰোপীয় পণ্ডিতসকলে ভাৰতৰ সংস্কৃত সাহিত্যৰ সোণালী ঐশ্বৰ্যসমূহ আৱিষ্কাৰ কৰিলে, তেতিয়াহে যেন ভাৰতীয় মানুহৰ চকু নতুনকৈ মেল খালে। পুৰণি ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা আৰু বহন কৰিবলৈ ভাৰতীয় মানুহ যেন নতুনকৈ সাজু  হৈ উঠিল। প্রাচ্যতত্ত্ব বিদসকলৰ চকুত পৰিল প্ৰাচ্য আৰু ইউৰোপৰ মাজত থকা কাহিনী, আখ্যান, সংস্কৃতি আৰু ধাৰণাৰ বিস্ময়কৰ সাদৃশ্য। প্ৰথমবাৰৰ বাবে অনুভৱ কৰা গ'ল বিশ্ব সাহিত্যৰ অস্তিত্ব আৰু তুলনামূলক অধ্যয়নৰ গুৰুত্ব।


১৮০৬ চনত উইলছনে (H.H. Wilson) কালিদাসৰ অমৰ কাব্য 'শকুন্তলা'ৰ প্ৰশংসা কৰি নাটকখনৰ মাজত থকা মানৱীয় মূল্যবোধ আৰু সাহিত্যিক সৌন্দৰ্যৰ অপূৰ্ব সমাহাৰত বিস্ময় প্রকাশ কৰিছিল। বিশ্ব সাহিত্যৰ অধ্যয়নৰ ক্ষেত্ৰত এয়া আছিল মূল্যবান আৰু উল্লেখযোগ্য মন্তব্য। মেথিউ আর্নল্ডে Comparative Literature শব্দটো ইংৰাজীতে নিৰ্মাণ কৰাৰ আৰু ১৮২৯ চনত বিলমে (Villemain) নামৰ ফৰাচী সমালোচকে Literature Compare শব্দটোৰ প্ৰথম প্ৰয়োগ কৰাৰ বহু আগতেই Goethe আৰু Saint Beuve ৰ উদ্ভিত বিশ্বসাহিত্য সম্পর্কে উল্লেখ পোৱা যায়। তেওঁলোকে লক্ষ্য কৰিছিল হোমাৰ, বাল্মীকি, ব্যাস, ফিদৌচি আদি কবিসকলৰ ভাব আৰু আদৰ্শৰ মাজত থকা অদ্ভূত সামঞ্জস্য। সেয়েহে ধর্ম, দর্শন, আখ্যান আৰু মূল্যবোধৰ মাজত এক তুলনামূলক সমীক্ষাৰ প্ৰয়োজনো দিনে দিনে বেছিকৈ অনুভূত হৈছিল।


ভাৰতত ইংৰাজী শিক্ষাৰ প্ৰচলন হোৱাৰ পিছত দিনে দিনে সাহিত্যিক আৰু সাহিত্যৰসিকসকলৰ ইংৰাজী সাহিত্যৰ লগত ঘনিষ্ঠতা বাঢ়ি আহিল। বিশ্ব সাহিত্যৰ মাজত ধৰা পৰা বহুতো সদৃশ চিন্তাৰ অবলোকনে তেওঁলোকৰ দৃষ্টিভংগী নতুন কৰি তুলিলে। ১৮৭৩ চনত বংকিমচন্দ্র চেটার্জিয়ে ৰচনা কৰা 'শকুন্তলা, মিৰাণ্ডা আৰু ডেছডিমোনা' নামৰ প্ৰবন্ধত এই দৃষ্টিভংগীৰ উমান পোৱা যায়। তেওঁ আৰু কেইটামান নতুন দৃষ্টিভংগীৰ ৰচনা লেখিছিল। তাৰ ভিতৰত আছে বৈদিক সূক্তৰ লগত শ্যেলী আৰু বায়ৰণৰ কবিতাৰ তুলনা, ‘উত্তৰ-ৰাম-চৰিত’ৰ লগত শ্বেকৰ্ছপীয়েৰৰ নাটকৰ তুলনা আৰু 'কুমাৰস ৰম'ৰ লগত মিল্টনৰ ‘পেৰাডাইজ লষ্ট'ৰ তুলনা। এই তুলনা আধুনিক দৃষ্টিত নিখুঁত অধ্যয়ন নহ'বও পাৰে, তথাপিও বিশ্ব সাহিত্যলৈ চকু দিয়াৰ মানসিকতাৰ বাবে এই ৰচনাকেইখনৰ গুৰুত্ব আছে। ১৯০৭ চনত ৰবীন্দ্রনাথ ঠাকুৰে কলিকতাৰ জাতীয় শিক্ষা পৰিষদৰ এখন সভাত Comparative Literature ৰ বিষয়ে ভাষণ দিওঁতে তুলনামূলক সাহিত্যৰ ঠাইত বিশ্ব সাহিত্য শব্দটো প্ৰয়োগ কৰিছিল। তেওঁ কৈছিল যে সংকীর্ণ আঞ্চলিকতাৰপৰা মুক্ত হৈ আমি আনৰো সৃষ্টিশীলতা প্রত্যক্ষ কৰা উচিত, বিশ্ব-মানৱৰ সৃষ্টিশীল মনৰ প্ৰকাশ বিশ্ব সাহিত্যৰ বিবিধ অংগত কেনেদৰে ঘটিছে সেই কথাৰ উমান লোৱা উচিত। ভাৰতৰ অন্য এজন জ্ঞান সাধক শ্ৰীঅৰবিন্দয়ো বিভিন্ন প্ৰসংগত একে ধৰণৰ মত প্রকাশ কৰিছিল। 'ভাৰতীয় সাহিত্য' শীর্ষক এলানি প্ৰবন্ধৰ মাজেৰে তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰিছিল যে ভাৰতীয় লোকে সংস্কৃতিৰ বাহিৰেও বৌদ্ধ সাহিত্য, আঞ্চলিক সাহিত্য আৰু প্ৰাচীন, মধ্য, আধুনিক যুগৰ ইউৰোপীয় সাহিত্য অধ্যয়ন কৰা উচিত।


১৯৪৫ চনত সৰ্বভাৰতীয় লেখক অধিৱেশনৰ সভানেত্ৰীৰ ভাষণত সৰোজিনী নাইডুৱে কৰা মন্তব্যও এই প্ৰসংগত উল্লেখযোগ্য। তেওঁ কৈছিল যে অখণ্ড ভাৰতমাতৃৰ সন্তানসমূহে যদিও ভিন ভিন ভাষাৰ কথা কয়, তথাপি সিহঁতৰ থাকে একেখন অখও হৃদয়। ড° ৰাধাকৃষ্ণণৰ মতে ভিন্ন ভিন্ন ভাষাত ৰচনা কৰিলেও ভাৰতীয় সাহিত্য মূলতে এবিধেই। ভি. কে. গোকক, সুনীতি কুমাৰ চেটার্জি, নগেন্দ্র আদি পণ্ডিতসকলে ভাৰতীয় প্রাদেশিক সাহিত্যসমূহৰ চৰ্চা আৰু অধ্যয়নৰ মাজেদি ভাৰতীয় সাহিত্যৰ স্বৰূপ উপলব্ধিত গুৰুত্ব দিয়ে। লাহে লাহে বিদ্বৎ সমাজত এই অনুভৱ দৃঢ় হৈ আহিবলৈ ধৰিলে যে ৰাষ্ট্ৰীয় সাহিত্যৰ স্বৰূপ উপলব্ধিৰ বাবে বিশ্বসাহিত্যৰ সম্যক জ্ঞানৰ প্ৰয়োজন। এই প্রয়োজন পূৰাবৰ বাবে সহায়ক হয় তুলনামূলক সাহিত্য অধ্যয়ন পদ্ধতি।


এই সজাগতাৰ ফলস্বৰূপে ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ পাঠ্যক্ৰমত ভাৰতীয় সাহিত্যৰ অন্তৰ্ভুক্তি বাঢ়ি আহিবলৈ ধৰে। ভাৰতীয় ভাষাসমূহৰ চৰ্চাও বিস্তৃত হৈ আহিব ধৰে। তুলনামূলক সাহিত্যৰ গুৰুত্ব উপলি কৰি যাদৱপুৰ বিশ্ববিদ্যালয়ে সম্পূর্ণ এটি বিভাগ স্থাপন কৰে। ১৯৯২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত ‘তুলনামূলক ভাৰতীয় সাহিত্য' শাখা এটি পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰা হয়। সাম্প্রতিক কালত তুলনামূলক ভাৰতীয় সাহিত্য অধ্যয়নে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। বিশিষ্ট তূলনাকাৰীসকলে এই অধ্যয়ন পদ্ধতিৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা দেখুৱাই গ্ৰন্থ, প্রবন্ধ আদি প্ৰকাশ

কৰিছে, নানা আলোচনা-চক্ৰ আদিত ইয়াৰ ব্যাখ্যা আৰু বিশ্লেষণ কৰি এক দেশময় জাগৰণৰ সৃষ্টি কৰিছে। শিশিৰ কুমাৰ দাস, অমিয় দেৱ, চন্দ্রমোহন, কে. আয়াপ্পা পাণিকৰ, ইন্দ্ৰনাথ চৌধুৰী, স্বপন চৌধুৰী, স্বপন মজুমদাৰ আদি পণ্ডিতসকলৰ ৰচনাত তুলনামূলক সাহিত্যৰ স্বৰূপ উদ্‌ঘাটন কৰা হৈছে।



(সংগ্ৰহীত তথ্য)

Comments

Popular posts from this blog

অসমত তুলনামূলক সাহিত্য

  অসমত তুলনামূলক সাহিত্য অসমত তুলনামূলক সাহিত্যৰ ক্ষেত্ৰখন আপেক্ষিকভাৱে নতুন। পৰম্পৰাগত পদ্ধতিৰ তুলনা অৱশ্যে প্রাচীন অসমীয়া সাহিত্যত যথেষ্ট পৰিমাণে দেখা যায়। মাধৱ কন্দলিৰ ৰামায়ণ আৰু শংকৰদেৱ আদি নৱবৈষ্ণৱ কবিসকলেও তুলনাৰ দ্বাৰা সাহিত্যৰ সৌন্দৰ্য বৃদ্ধি কৰিছিল। ১) জোনাকী যুগত তুলনামূলক চিন্তাৰ প্ৰথম বীজ বোপিত হোৱা দেখা যায়। এই ক্ষেত্ৰত বাটকটীয়া আছিল লক্ষ্মীনাথ বেজবৰুৱা। বেজবৰুৱাৰ 'তত্ত্বকথা'ৰ মাজত শংকৰদেৱৰ ধৰ্মীয় চিন্তাৰ লগত বিভিন্ন সন্ত আৰু ধৰ্মগুৰুৰ চিন্তাধাৰাৰ তুলনামূলক বিশ্লেষণ পোৱা যায়। ইয়াৰ পিছতে নাম ল'ব পাৰি বাণীকান্ত কাকতিৰ৷ কাকতিয়ে ‘বধকাব্য’ৰ আলোচনা প্ৰসংগত মধ্যযুগীয় ইউৰোপীয় ৰোমাঞ্চ কাব্যৰ ৰিজনি টানি আনিছিল আৰু 'হেমাসুন্দৰী' আখ্যানৰ লগত ইংৰাজ কবি স্পেনচাৰৰ কাব্যৰ মিল দেখুৱাইছিল। অসমত তুলনামূলক অধ্যয়নৰ গুৰুত্বপূৰ্ণ নাম হ'ল কৃষ্ণকান্ত সন্দিকৈ। সন্দিকৈয়ে অনুবাদৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিশেষভাবে আলোচনা কৰিছিল। 'স্পেইনদেশীয় বোমিঅ' জুলিয়েট' আৰু দুই এটি প্ৰৱন্ধৰ যোগেদি অসমীয়া পাঠকক বিশ্ব সাহিত্যৰ সোৱাদ দান কৰিছিল। কালিৰাম মেধি, মহেশ্বৰ ...

অনুবাদৰ সীমাবদ্ধতা তথা সমস্যা

  অনুবাদৰ সীমাবদ্ধতা তথা সমস্যা অনুবাদ প্ৰক্ৰিয়া বৰ সহজ নহয়। একো একোটা সাহিত্য সম্পৰ্কীয় লেখা, পত্ৰ আদিত সাংস্কৃতিক পৰম্পৰা, সামাজিক গাঁথনিৰ প্ৰভাৱ দেখা যায়। প্রত্যেক ভাষাৰে ভাৱ প্ৰকাশৰ কালিকা শক্তিও থাকে। জতুৱা ঠাঁচ, খণ্ডবাক্য, লোক ভাষা আদি এনে কালিকা শক্তিৰ অধিকাৰী ৷ সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰত প্ৰতীক, চিত্রকল্প, সাংগীতিক লয় আদিৰ অনুবাদ কৰা এক জটিল কাম ৷ ভাষাৰ ব্যাকৰণগত বিষয়বোৰেও কেতিয়াবা আহুকালত পেলায়। সেয়েহে বহুসময়ত অনুবাদ মূল বিষয়ৰ প্ৰতিকৃতি বা ফটো হৈ নপৰে। কৰবী ডেকা হাজৰিকাই সেয়েহে উল্লেখ কৰিছে  “ বৰ্তমান কালত অনুবাদৰ স্বাধীন, মৌলিক আৰু স্বচ্ছন্দ ভংগীৰ পৰ্যবেক্ষণ কৰি অনুবাদ কলাক সাৰ্থকভাৱেই অনুসৃষ্টি আখ্যা দিয়া হৈছে। প্রথম জন্ম দিয়ে লেখকে, তাৰ পিছত দ্বিজত্ব দান কৰে অনুবাদকে৷ সেয়েহে সার্থক অনুবাদ মূলৰ যথাযথ ভাঙনি নহয়, প্রকৃততে অনুসৃষ্টিহে। অনুবাদৰ সমস্যাসমূহ তলত দিয়া ধৰণেৰে দেখুৱাব পাৰি:- সাংস্কৃতিক সমস্যাঃ কোনো এক সাংস্কৃতিক পৰিমণ্ডলক সংশ্লিষ্ট ভাষাটোৱে প্ৰকাশ কৰিব পাৰে। প্রত্যেক সংস্কৃতিৰে নিজা চৰিত্ৰ আৰু বৈশিষ্ট্য থাকে। সেই চৰিত্ৰ আৰু বৈশিষ্ট্যসমূহ ভাষ...