নলিনীবালা দেৱীৰ ‘সন্ধিয়াৰ সুৰ'ৰ আলোচনা
অসমীয়া অতীন্দ্রিয়বাদী কবিতাৰ মাজত এইখন এখন শ্রেষ্ঠ পুথি। ব্যক্তিগত বেদনা ইয়াৰ মূল উৎস। স্বামী আৰু সন্তানৰ বিয়োগত কাতৰ হৈ পৰা নলিনীবালাৰ শাস্তি আৰু সান্তনাৰ পথ সন্ধানৰ ফলস্বৰূপে এই কাব্যৰ জন্ম হৈছিল। অভাগী নাৰী হিয়াৰ বিননিতকৈ ইয়াত স্পষ্ট হৈ আছে কবি-প্ৰাণৰ সংযত বিষাদৰ সুৰ। কবিৰ হৃদয়ত থকা ভাৰতীয় দৰ্শনৰ প্ৰতি আস্থাই তেওঁক ভাঙি পৰিবলৈ দিয়া নাই। জীৱনটো দুখেৰে ভৰা হ'লেও তাক তেওঁ প্ৰীতিৰে গ্ৰহণ কৰিছে। একোকে নিদিয়া পৃথিৱীখনলৈও তেওঁৰ অভিযোগ নাই;
'আজিৰে নোহোৱা মোৰ সুন্দৰী পৃথিৱী
জনমৰ যুগমীয়া তুমি,
তুমি মোৰ জীৱনৰ শান্তিৰ জিৰণি
অতীতৰ স্বপ্ন লীলাভূমি।'
কবি কর্মফলত বিশ্বাসী। 'অপূৰ্ণ কৰমৰ ভাৰ বান্ধি লৈ’ বাৰে বাৰে পৃথিৱীলৈ অহা মানুহে সহজে জন্মান্তৰৰ হাত সাৰিব নোৱাৰে। কাৰণ মানুহৰ অন্তৰত আছে চিৰন্তন অতৃপ্তিৰ খনি। তাৰ পূৰ্ণতাৰ বাবে আত্মাই সংসাৰত অবিৰাম ভ্রমণ কৰে।
বিশাল সংসাৰৰ বুকুত নিজাকৈ এখনি পুতলা সংসাৰ পাতি মানুহে দুদিনৰ বাবে ধেমালি কৰে। তেনে এখন সংসাৰ অকালতে হেৰাই যোৱাৰ বিষাদত কবিয়ে অনুভৱ কৰিছে 'সংসাৰৰ অনিত্যতা'। মানুহৰ সমাজত পূৰ্ণতা বিচাৰি নোপোৱা কবিয়ে তেওঁ নিষ্ঠুৰ জীৱন-দেৱতাকো সুন্দৰ ৰূপেৰে চাইছে আৰু জীৱনজোৰা দুখৰ বোজা তেওঁৰ চৰণতলত নমাই থ'বৰ বাবে আকুল হৈ মাতিছে
“অ' মোৰ পৰম প্ৰিয়
তুমি ক'ত তুমি ক’ত
এই পৰম প্ৰিয়ৰ ৰূপৰ ৰূপ ছবিয়ে কবিৰ অন্তৰ ৰূপে ৰসে ভৰাই তুলিছে। তেওঁৰ প্ৰতিটি ঋণ প্ৰিয়ৰ সান্নিধ্যৰ বাবে ব্যাকুল হৈ পৰিছে, সকলোতে তেওঁ বিচাৰি পায় প্ৰিয়ৰ পৰশ।
সুন্দৰক জীৱনৰ আশ্ৰয় ৰূপে গ্ৰহণ কৰি কবিয়ে কৈ উঠিছে–
সহিব নোৱাৰি এই
সপি দিলে তোমাৰ পাৱত।
বৰ শ্ৰান্ত প্ৰভু । মই
লোৱা তুলি মোক
দিয়া ঠাই চৰণ তলত।”
জীৱন যেতিয়া অবাঞ্ছিত হয়, তেতিয়া মৃত্যু হয় বাঞ্ছিত সুন্দৰ'। জীৱনৰ সিপাৰৰ সেই দেশখনলৈ যাবলৈ কৰিৰ প্ৰাণত আকুল হেপাহ।
তেওঁৰ প্ৰাণে শুনিছে অসীমৰ আহ্বান
পুৰণিৰ পখী জাকি উৰি যায় ৰিঙিয়াই
বিয়াকুল উদাসী সুৰত
প্ৰতিধ্বনি বাজে সুদূৰত।
মোৰো এই পিঁজৰাৰ অশান্ত পথীটি দেখো
মিলি যাব খোজে অনন্তত।
অসীমৰ অচিন বাটত।'
মৃত্যু তেওঁৰ বাবে “চিতাগ্নি হোমাগ্লি' হোৱা মিলনৰ মুহূর্ত। জীৱনৰ প্ৰতি ক্ষণে-ক্ষণে যাৰ সাল্লিযাই তেওঁক সাহস আৰু শক্তি যোগাইছে সেই ভগৱানক প্রিয়তম ৰূপেৰে লৈ কবিয়ে তেওঁৰ লগত মৃত্যুৰ যোগেদি মিলনৰ সপোন দেখিছে।
Comments
Post a Comment