Skip to main content

নলিনীবালা দেৱীৰ ‘সন্ধিয়াৰ সুৰ'ৰ চমু আলোচনা

নলিনীবালা দেৱীৰ ‘সন্ধিয়াৰ সুৰ'ৰ আলোচনা


অসমীয়া অতীন্দ্রিয়বাদী কবিতাৰ মাজত এইখন এখন শ্রেষ্ঠ পুথি। ব্যক্তিগত বেদনা ইয়াৰ মূল উৎস। স্বামী আৰু সন্তানৰ বিয়োগত কাতৰ হৈ পৰা নলিনীবালাৰ শাস্তি আৰু সান্তনাৰ পথ সন্ধানৰ ফলস্বৰূপে এই কাব্যৰ জন্ম হৈছিল। অভাগী নাৰী হিয়াৰ বিননিতকৈ ইয়াত স্পষ্ট হৈ আছে কবি-প্ৰাণৰ সংযত বিষাদৰ সুৰ। কবিৰ হৃদয়ত থকা ভাৰতীয় দৰ্শনৰ প্ৰতি আস্থাই তেওঁক ভাঙি পৰিবলৈ দিয়া নাই। জীৱনটো দুখেৰে ভৰা হ'লেও তাক তেওঁ প্ৰীতিৰে গ্ৰহণ কৰিছে। একোকে নিদিয়া পৃথিৱীখনলৈও তেওঁৰ অভিযোগ নাই;

'আজিৰে নোহোৱা মোৰ সুন্দৰী পৃথিৱী

জনমৰ যুগমীয়া তুমি,

তুমি মোৰ জীৱনৰ শান্তিৰ জিৰণি

অতীতৰ স্বপ্ন লীলাভূমি।'

কবি কর্মফলত বিশ্বাসী। 'অপূৰ্ণ কৰমৰ ভাৰ বান্ধি লৈ’ বাৰে বাৰে পৃথিৱীলৈ অহা মানুহে সহজে জন্মান্তৰৰ হাত সাৰিব নোৱাৰে। কাৰণ মানুহৰ অন্তৰত আছে চিৰন্তন অতৃপ্তিৰ খনি। তাৰ পূৰ্ণতাৰ বাবে আত্মাই সংসাৰত অবিৰাম ভ্রমণ কৰে।  
বিশাল সংসাৰৰ বুকুত নিজাকৈ এখনি পুতলা সংসাৰ পাতি মানুহে দুদিনৰ বাবে ধেমালি কৰে। তেনে এখন সংসাৰ অকালতে হেৰাই যোৱাৰ বিষাদত কবিয়ে অনুভৱ কৰিছে 'সংসাৰৰ অনিত্যতা'। মানুহৰ সমাজত পূৰ্ণতা বিচাৰি নোপোৱা কবিয়ে তেওঁ নিষ্ঠুৰ জীৱন-দেৱতাকো সুন্দৰ ৰূপেৰে চাইছে আৰু জীৱনজোৰা দুখৰ বোজা তেওঁৰ চৰণতলত নমাই থ'বৰ বাবে আকুল হৈ মাতিছে

“অ' মোৰ পৰম প্ৰিয়

তুমি ক'ত তুমি ক’ত

এই পৰম প্ৰিয়ৰ ৰূপৰ ৰূপ ছবিয়ে কবিৰ অন্তৰ ৰূপে ৰসে ভৰাই তুলিছে। তেওঁৰ প্ৰতিটি ঋণ প্ৰিয়ৰ সান্নিধ্যৰ বাবে ব্যাকুল হৈ পৰিছে, সকলোতে তেওঁ বিচাৰি পায় প্ৰিয়ৰ পৰশ।

সুন্দৰক জীৱনৰ আশ্ৰয় ৰূপে গ্ৰহণ কৰি কবিয়ে কৈ উঠিছে–

সহিব নোৱাৰি এই

সপি দিলে তোমাৰ পাৱত।

বৰ শ্ৰান্ত প্ৰভু । মই

লোৱা তুলি মোক

দিয়া ঠাই চৰণ তলত।”

জীৱন যেতিয়া অবাঞ্ছিত হয়, তেতিয়া মৃত্যু হয় বাঞ্ছিত সুন্দৰ'। জীৱনৰ সিপাৰৰ সেই দেশখনলৈ যাবলৈ কৰিৰ প্ৰাণত আকুল হেপাহ।

তেওঁৰ প্ৰাণে শুনিছে অসীমৰ আহ্বান

পুৰণিৰ পখী জাকি উৰি যায় ৰিঙিয়াই

বিয়াকুল উদাসী সুৰত

প্ৰতিধ্বনি বাজে সুদূৰত।

মোৰো এই পিঁজৰাৰ অশান্ত পথীটি দেখো

মিলি যাব খোজে অনন্তত।

অসীমৰ অচিন বাটত।'

মৃত্যু তেওঁৰ বাবে “চিতাগ্নি হোমাগ্লি' হোৱা মিলনৰ মুহূর্ত। জীৱনৰ প্ৰতি ক্ষণে-ক্ষণে যাৰ সাল্লিযাই তেওঁক সাহস আৰু শক্তি যোগাইছে সেই ভগৱানক প্রিয়তম ৰূপেৰে লৈ কবিয়ে তেওঁৰ লগত মৃত্যুৰ যোগেদি মিলনৰ সপোন দেখিছে।

Comments

Popular posts from this blog

ভাৰতত তুলনামূলক সাহিত্যৰ সংজ্ঞা আৰু প্ৰাসংগিকতা

ভাৰতত তুলনামূলক সাহিত্যৰ সংজ্ঞা আৰু প্ৰাসংগিকতা  ভাৰতৰ বিভিন্ন আঞ্চলিক সাহিত্যৰ মাজত উমৈহতীয়া লক্ষণ আৰু বৈশিষ্ট্যৰে বৰ্তি থকা ভাৰতীয় সাহিত্যৰ অখণ্ড ৰূপ উপলব্ধি কৰিব পাৰি। এই আঞ্চলিক সাহিত্যসমূহৰ গোট উপলব্ধিয়েই হ’ল ভাৰতীয় সাহিত্যৰ উপলব্ধি । কিছুমান লক্ষণে আঞ্চলিক সাহিত্যক আঞ্চলিক হৈয়ো অখণ্ড ভাৰতীয় সাহিত্যৰ বৈশিষ্ট্য দান কৰিছে। কাৰণ ভাৰতৰ আঞ্চলিক সাহিত্যসমূহৰ উদ্ভৱ হৈছে ভাৰতীয় চিন্তাৰ একেডাল ঘাই শিপাৰপৰা৷ দৰ্শনৰ প্ৰভাৱ ভাৰতীয় মনত বৰ গভীৰ। বিশ্ব সাহিত্যৰ মাজত ভাৰতীয় সাহিত্য একক হৈ আছে এই দার্শনিক চিন্তাৰ বিশিষ্টতাৰবাবেই। ষড় দৰ্শনৰ বিভিন্ন তত্ত্বই বেখাপাত কৰা ভাৰতীয় মনত জীৱন আৰু মৃত্যু সম্পর্কে যি ধাৰণা আছে তাৰ ভিতৰত জন্মান্তৰবাদ, আত্মাৰ অবিনশ্বৰৰ্তা, কর্মফল আদিৰ ধাৰণা অতি প্রবল। ধর্ম-অর্থ-কাম-মোক্ষৰ ধাৰণাও স্পষ্ট। ভাৰতীয় মন ভোগবাদী নহয়, বৈৰাগ্যত বিশ্বাসী। ব্রহ্ম আৰু জীৱৰ সম্পৰ্ক, পুৰুষ প্রকৃতি, বিদ্যা অবিদ্যা আদি দুৰূহ তত্ত্বৰ বিশ্লেষণ ভাৰতীয় মানুহে প্রায় অপ্ৰয়াসেই নিজৰ চিন্তাধাৰাত উত্তৰাধিকাৰ সূত্ৰে লাভ কৰিছে৷ এইবোৰ দার্শনিক চিন্তাধাৰাৰ বীজ ভাৰতৰ লোকমন। আৰু লোকসংস্কৃত...

অসমত তুলনামূলক সাহিত্য

  অসমত তুলনামূলক সাহিত্য অসমত তুলনামূলক সাহিত্যৰ ক্ষেত্ৰখন আপেক্ষিকভাৱে নতুন। পৰম্পৰাগত পদ্ধতিৰ তুলনা অৱশ্যে প্রাচীন অসমীয়া সাহিত্যত যথেষ্ট পৰিমাণে দেখা যায়। মাধৱ কন্দলিৰ ৰামায়ণ আৰু শংকৰদেৱ আদি নৱবৈষ্ণৱ কবিসকলেও তুলনাৰ দ্বাৰা সাহিত্যৰ সৌন্দৰ্য বৃদ্ধি কৰিছিল। ১) জোনাকী যুগত তুলনামূলক চিন্তাৰ প্ৰথম বীজ বোপিত হোৱা দেখা যায়। এই ক্ষেত্ৰত বাটকটীয়া আছিল লক্ষ্মীনাথ বেজবৰুৱা। বেজবৰুৱাৰ 'তত্ত্বকথা'ৰ মাজত শংকৰদেৱৰ ধৰ্মীয় চিন্তাৰ লগত বিভিন্ন সন্ত আৰু ধৰ্মগুৰুৰ চিন্তাধাৰাৰ তুলনামূলক বিশ্লেষণ পোৱা যায়। ইয়াৰ পিছতে নাম ল'ব পাৰি বাণীকান্ত কাকতিৰ৷ কাকতিয়ে ‘বধকাব্য’ৰ আলোচনা প্ৰসংগত মধ্যযুগীয় ইউৰোপীয় ৰোমাঞ্চ কাব্যৰ ৰিজনি টানি আনিছিল আৰু 'হেমাসুন্দৰী' আখ্যানৰ লগত ইংৰাজ কবি স্পেনচাৰৰ কাব্যৰ মিল দেখুৱাইছিল। অসমত তুলনামূলক অধ্যয়নৰ গুৰুত্বপূৰ্ণ নাম হ'ল কৃষ্ণকান্ত সন্দিকৈ। সন্দিকৈয়ে অনুবাদৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিশেষভাবে আলোচনা কৰিছিল। 'স্পেইনদেশীয় বোমিঅ' জুলিয়েট' আৰু দুই এটি প্ৰৱন্ধৰ যোগেদি অসমীয়া পাঠকক বিশ্ব সাহিত্যৰ সোৱাদ দান কৰিছিল। কালিৰাম মেধি, মহেশ্বৰ ...

অনুবাদৰ সীমাবদ্ধতা তথা সমস্যা

  অনুবাদৰ সীমাবদ্ধতা তথা সমস্যা অনুবাদ প্ৰক্ৰিয়া বৰ সহজ নহয়। একো একোটা সাহিত্য সম্পৰ্কীয় লেখা, পত্ৰ আদিত সাংস্কৃতিক পৰম্পৰা, সামাজিক গাঁথনিৰ প্ৰভাৱ দেখা যায়। প্রত্যেক ভাষাৰে ভাৱ প্ৰকাশৰ কালিকা শক্তিও থাকে। জতুৱা ঠাঁচ, খণ্ডবাক্য, লোক ভাষা আদি এনে কালিকা শক্তিৰ অধিকাৰী ৷ সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰত প্ৰতীক, চিত্রকল্প, সাংগীতিক লয় আদিৰ অনুবাদ কৰা এক জটিল কাম ৷ ভাষাৰ ব্যাকৰণগত বিষয়বোৰেও কেতিয়াবা আহুকালত পেলায়। সেয়েহে বহুসময়ত অনুবাদ মূল বিষয়ৰ প্ৰতিকৃতি বা ফটো হৈ নপৰে। কৰবী ডেকা হাজৰিকাই সেয়েহে উল্লেখ কৰিছে  “ বৰ্তমান কালত অনুবাদৰ স্বাধীন, মৌলিক আৰু স্বচ্ছন্দ ভংগীৰ পৰ্যবেক্ষণ কৰি অনুবাদ কলাক সাৰ্থকভাৱেই অনুসৃষ্টি আখ্যা দিয়া হৈছে। প্রথম জন্ম দিয়ে লেখকে, তাৰ পিছত দ্বিজত্ব দান কৰে অনুবাদকে৷ সেয়েহে সার্থক অনুবাদ মূলৰ যথাযথ ভাঙনি নহয়, প্রকৃততে অনুসৃষ্টিহে। অনুবাদৰ সমস্যাসমূহ তলত দিয়া ধৰণেৰে দেখুৱাব পাৰি:- সাংস্কৃতিক সমস্যাঃ কোনো এক সাংস্কৃতিক পৰিমণ্ডলক সংশ্লিষ্ট ভাষাটোৱে প্ৰকাশ কৰিব পাৰে। প্রত্যেক সংস্কৃতিৰে নিজা চৰিত্ৰ আৰু বৈশিষ্ট্য থাকে। সেই চৰিত্ৰ আৰু বৈশিষ্ট্যসমূহ ভাষ...