Skip to main content

স্বাৰ্থপৰ (অসমীয়া গল্প )

স্বাৰ্থপৰ

অন্ধকাৰে আৱৰি ৰখা  চৌদিশে সি এবাৰ চকু ফুৰালে... নাই একো মনিব নোৱাৰি কেৱল অন্ধকাৰ অন্ধকাৰ আৰু অন্ধকাৰ। কাণ মূৰ গৰম হৈ পৰিছে, উশাহবোৰ ক্ৰমান্বয়ে ঘন হৈ আহিছে। চুটি চুটি কৈ উশাহ লোৱাৰ বাবেই হয়তো বুকুখনত কিহবাই বিন্ধিছে, স্বতস্ফুৰ্ত  ভাবে বিষ আৰু বেদনা মিশ্ৰিত এক কৰুণ কেঁকনি ভাহি আহিছে। পিঠিটো শাল মাৰি খুচ মাৰি ধৰিছে , ইয়াতেই যেন বাগৰি পৰিব। কিন্তু  সি এতিয়া নাজানে সি ক'ত  ৰৈ আছে ? চাৰিওফালে কেৱল অন্ধকাৰছন্ন পৰিবেশ। অন্ধকাৰ ফালি কেৱল ভাঁহি আহিছে আপোন মানুহৰ কোলাহল স্বাৰ্থপৰ স্বাৰ্থপৰ স্বাৰ্থপৰ, সেই মানুহবোৰো অন্ধকাৰ মাজত বিলীন। সি হতভম্ব হৈ ৰৈ আছে কেৱল... থাউনি নাপাই উটি যাব খোজা মেটেকাৰ দৰে মাজে মাজে উটি গৈছে আন্ধাৰৰ সোঁতত। 
         সি বাৰে বাৰে মনত পেলাবলৈ চেষ্টা কৰিছে ভুলটো কোনখিনিত হ'ল! সদায় সহজ ভাবে সমাধান কৰি থকা অংকটো আজি ইমান জটিল কিয় হ'ল!  আস.. বুকুখনত যেন কিহবাই বৰ জোৰকৈ বিন্ধিছে। আপোন মানুহবোৰেই হানিছে খুচিছে বিষ হোৱাটো স্বাভাৱিক অৱশ্যেই স্বাভাৱিক।  সকলোৰে বিপদৰ সময়ৰ লগৰী হোৱা,  কোনোবাই আহ ক'লেই মৰি পৰি লৰ মাৰি গৈ সহায় কৰা সি আজি  উপাধি পালে *স্বাৰ্থপৰ* । এইয়াই তাক সমাজে দিয়া শ্ৰেষ্ঠ উপহাৰ । প্ৰতিদিনে প্ৰতিপলে আনৰ দুখত দুখী হোৱা আনৰ সুখত সুখী হোৱা সি আজি স্বাৰ্থপৰ। নাই অংকটো আৰু শুদ্ধ কৰিবলৈ সি চেষ্টা নকৰে  হওঁক ভুল, ভুল হৈয়ে থাকক। অতদিনৰ শুদ্ধ সমাধান বোৰ আজি মানুহৰ বাবে অনৰ্থক যদি , সি তেনেকৈয়ে থাকক। আস..  এই বিষটো বৰ যন্ত্ৰণা দায়ক।
        অন্ধকাৰে ক্ৰমান্বয়ে তাক ভৰিৰ পৰা ডিঙি লৈকে গিলি পেলাবলৈ আৰম্ভ কৰিছে । সি কেঁকাইছে যন্ত্ৰনাত বেদনাত...এনেতে বহু দূৰৈৰ পৰা বাঁহীৰ কোমল সুৰ এটা ভাঁহি আহি তাৰ কৰ্ণ কোহৰত খুন্দা মাৰিছে। সি কেঁকাবলৈ এৰি এপলক সুৰটো ভাঁহি অহাৰ দিশে চকু ফুৰালে.. এটি কণমানি জোনাকী তাৰ দিশে গতি কৰিছে, সি আচৰিত হৈ জোনাকীটো মন্ত্ৰমুগ্ধ হৈ চাই আছে, জোনাকীটো লাহে লাহে ডাঙৰ হৈ  তাৰ দিশে আহি আছে। তাৰ ওচৰ পোৱাৰ লৈকে জোনাকীটোয়ে  এটি প্ৰকাণ্ড ৰূপ ধাৰণ কৰিছে আৰু লগে লগে আন্ধাৰ বোৰ জোনাকীৰ পোহৰে গিলি পেলাইছে। জোনাকীয়ে এখন হাত তাৰ দিশে আগবঢ়াইছে আৰু সি মন্ত্ৰমুগ্ধ হৈ তাৰ অৱশ হাত এখন জোনাকীৰ হাতত থৈছে। জোনাকী আগে আগে পোহৰৰ দিশে গতি কৰিছে আৰু সি পাছে পাছে। ক্ৰমান্বয়ে তাৰ বিষটো কমি কমি নোহোৱা হৈছে ,কেঁকনিবোৰ বন্ধ হৈ আহিছে। জোনাকী লাহে লাহে পোহৰৰ সৈতে বিলীন হৈ নোহোৱা হৈ গৈছে আৰু সি বাঁহীৰ মাত অনুসৰণ কৰি পোহৰৰ ৰাজ্যত অকলেই খোজ থৈছে সি বুজি উঠিছে এতিয়া সি অকলেই খোজ থব লাগিব। জোনাকীয়ে নিজৰ দায়িত্ব পালন কৰিলে এতিয়া তাৰ দায়িত্ব অন্ধকাৰ ফালি আগুৱাই যোৱাৰ সুন্দৰৰ দিশে, হেৰাই যোৱা সপোনবোৰৰ দিশে। সি আৰু সকলোকে সুখী ৰাখিব বিচৰা অংকটো সমাধানৰ ব্যৰ্থ চেষ্টা নকৰে সি বুজি উঠিছে এই অংকটো সমাধান অসম্ভৱ। তাৰ শেঁতা মুখখনিত এটি বেদনা মিশ্ৰিত হাঁহি বিৰিঙি উঠিছে।          

          তাৰ মনলৈ  ভাঁহি আহিছে সৰুতে প্ৰাথমিক বিদ্যালয়ত শিক্ষকে শিকোৱা এটি মন্ত্ৰ.... 
অসতো মা সৎ গময়
( অসত্যৰ পৰা সত্যলৈ গতি কৰা)
তমসো মা জ্যোতির্গময়
( আন্ধাৰৰ পৰা পোহৰলৈ গতি কৰা)
মৃত্যোর্মা অমৃতং গময়
( মৃত্যুৰ পৰা অমৃতলৈ গতি কৰা)
 ওম শান্তি: শান্তি: শান্তি:
        এতিয়াৰ পৰা ইয়ে তাৰ জীৱনৰ মূলমন্ত্ৰ হ'ব।
তাৰ বেদনা বোৰ লগে লগে অন্তৰৰ প্ৰশান্তিৰ মাজত বিলীন হৈ গ'ল। 

                 ✏️ দেৱযানী দাস

Comments

Popular posts from this blog

ভাৰতত তুলনামূলক সাহিত্যৰ সংজ্ঞা আৰু প্ৰাসংগিকতা

ভাৰতত তুলনামূলক সাহিত্যৰ সংজ্ঞা আৰু প্ৰাসংগিকতা  ভাৰতৰ বিভিন্ন আঞ্চলিক সাহিত্যৰ মাজত উমৈহতীয়া লক্ষণ আৰু বৈশিষ্ট্যৰে বৰ্তি থকা ভাৰতীয় সাহিত্যৰ অখণ্ড ৰূপ উপলব্ধি কৰিব পাৰি। এই আঞ্চলিক সাহিত্যসমূহৰ গোট উপলব্ধিয়েই হ’ল ভাৰতীয় সাহিত্যৰ উপলব্ধি । কিছুমান লক্ষণে আঞ্চলিক সাহিত্যক আঞ্চলিক হৈয়ো অখণ্ড ভাৰতীয় সাহিত্যৰ বৈশিষ্ট্য দান কৰিছে। কাৰণ ভাৰতৰ আঞ্চলিক সাহিত্যসমূহৰ উদ্ভৱ হৈছে ভাৰতীয় চিন্তাৰ একেডাল ঘাই শিপাৰপৰা৷ দৰ্শনৰ প্ৰভাৱ ভাৰতীয় মনত বৰ গভীৰ। বিশ্ব সাহিত্যৰ মাজত ভাৰতীয় সাহিত্য একক হৈ আছে এই দার্শনিক চিন্তাৰ বিশিষ্টতাৰবাবেই। ষড় দৰ্শনৰ বিভিন্ন তত্ত্বই বেখাপাত কৰা ভাৰতীয় মনত জীৱন আৰু মৃত্যু সম্পর্কে যি ধাৰণা আছে তাৰ ভিতৰত জন্মান্তৰবাদ, আত্মাৰ অবিনশ্বৰৰ্তা, কর্মফল আদিৰ ধাৰণা অতি প্রবল। ধর্ম-অর্থ-কাম-মোক্ষৰ ধাৰণাও স্পষ্ট। ভাৰতীয় মন ভোগবাদী নহয়, বৈৰাগ্যত বিশ্বাসী। ব্রহ্ম আৰু জীৱৰ সম্পৰ্ক, পুৰুষ প্রকৃতি, বিদ্যা অবিদ্যা আদি দুৰূহ তত্ত্বৰ বিশ্লেষণ ভাৰতীয় মানুহে প্রায় অপ্ৰয়াসেই নিজৰ চিন্তাধাৰাত উত্তৰাধিকাৰ সূত্ৰে লাভ কৰিছে৷ এইবোৰ দার্শনিক চিন্তাধাৰাৰ বীজ ভাৰতৰ লোকমন। আৰু লোকসংস্কৃত...

অসমত তুলনামূলক সাহিত্য

  অসমত তুলনামূলক সাহিত্য অসমত তুলনামূলক সাহিত্যৰ ক্ষেত্ৰখন আপেক্ষিকভাৱে নতুন। পৰম্পৰাগত পদ্ধতিৰ তুলনা অৱশ্যে প্রাচীন অসমীয়া সাহিত্যত যথেষ্ট পৰিমাণে দেখা যায়। মাধৱ কন্দলিৰ ৰামায়ণ আৰু শংকৰদেৱ আদি নৱবৈষ্ণৱ কবিসকলেও তুলনাৰ দ্বাৰা সাহিত্যৰ সৌন্দৰ্য বৃদ্ধি কৰিছিল। ১) জোনাকী যুগত তুলনামূলক চিন্তাৰ প্ৰথম বীজ বোপিত হোৱা দেখা যায়। এই ক্ষেত্ৰত বাটকটীয়া আছিল লক্ষ্মীনাথ বেজবৰুৱা। বেজবৰুৱাৰ 'তত্ত্বকথা'ৰ মাজত শংকৰদেৱৰ ধৰ্মীয় চিন্তাৰ লগত বিভিন্ন সন্ত আৰু ধৰ্মগুৰুৰ চিন্তাধাৰাৰ তুলনামূলক বিশ্লেষণ পোৱা যায়। ইয়াৰ পিছতে নাম ল'ব পাৰি বাণীকান্ত কাকতিৰ৷ কাকতিয়ে ‘বধকাব্য’ৰ আলোচনা প্ৰসংগত মধ্যযুগীয় ইউৰোপীয় ৰোমাঞ্চ কাব্যৰ ৰিজনি টানি আনিছিল আৰু 'হেমাসুন্দৰী' আখ্যানৰ লগত ইংৰাজ কবি স্পেনচাৰৰ কাব্যৰ মিল দেখুৱাইছিল। অসমত তুলনামূলক অধ্যয়নৰ গুৰুত্বপূৰ্ণ নাম হ'ল কৃষ্ণকান্ত সন্দিকৈ। সন্দিকৈয়ে অনুবাদৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিশেষভাবে আলোচনা কৰিছিল। 'স্পেইনদেশীয় বোমিঅ' জুলিয়েট' আৰু দুই এটি প্ৰৱন্ধৰ যোগেদি অসমীয়া পাঠকক বিশ্ব সাহিত্যৰ সোৱাদ দান কৰিছিল। কালিৰাম মেধি, মহেশ্বৰ ...

অনুবাদৰ সীমাবদ্ধতা তথা সমস্যা

  অনুবাদৰ সীমাবদ্ধতা তথা সমস্যা অনুবাদ প্ৰক্ৰিয়া বৰ সহজ নহয়। একো একোটা সাহিত্য সম্পৰ্কীয় লেখা, পত্ৰ আদিত সাংস্কৃতিক পৰম্পৰা, সামাজিক গাঁথনিৰ প্ৰভাৱ দেখা যায়। প্রত্যেক ভাষাৰে ভাৱ প্ৰকাশৰ কালিকা শক্তিও থাকে। জতুৱা ঠাঁচ, খণ্ডবাক্য, লোক ভাষা আদি এনে কালিকা শক্তিৰ অধিকাৰী ৷ সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰত প্ৰতীক, চিত্রকল্প, সাংগীতিক লয় আদিৰ অনুবাদ কৰা এক জটিল কাম ৷ ভাষাৰ ব্যাকৰণগত বিষয়বোৰেও কেতিয়াবা আহুকালত পেলায়। সেয়েহে বহুসময়ত অনুবাদ মূল বিষয়ৰ প্ৰতিকৃতি বা ফটো হৈ নপৰে। কৰবী ডেকা হাজৰিকাই সেয়েহে উল্লেখ কৰিছে  “ বৰ্তমান কালত অনুবাদৰ স্বাধীন, মৌলিক আৰু স্বচ্ছন্দ ভংগীৰ পৰ্যবেক্ষণ কৰি অনুবাদ কলাক সাৰ্থকভাৱেই অনুসৃষ্টি আখ্যা দিয়া হৈছে। প্রথম জন্ম দিয়ে লেখকে, তাৰ পিছত দ্বিজত্ব দান কৰে অনুবাদকে৷ সেয়েহে সার্থক অনুবাদ মূলৰ যথাযথ ভাঙনি নহয়, প্রকৃততে অনুসৃষ্টিহে। অনুবাদৰ সমস্যাসমূহ তলত দিয়া ধৰণেৰে দেখুৱাব পাৰি:- সাংস্কৃতিক সমস্যাঃ কোনো এক সাংস্কৃতিক পৰিমণ্ডলক সংশ্লিষ্ট ভাষাটোৱে প্ৰকাশ কৰিব পাৰে। প্রত্যেক সংস্কৃতিৰে নিজা চৰিত্ৰ আৰু বৈশিষ্ট্য থাকে। সেই চৰিত্ৰ আৰু বৈশিষ্ট্যসমূহ ভাষ...