স্বাৰ্থপৰ
অন্ধকাৰে আৱৰি ৰখা চৌদিশে সি এবাৰ চকু ফুৰালে... নাই একো মনিব নোৱাৰি কেৱল অন্ধকাৰ অন্ধকাৰ আৰু অন্ধকাৰ। কাণ মূৰ গৰম হৈ পৰিছে, উশাহবোৰ ক্ৰমান্বয়ে ঘন হৈ আহিছে। চুটি চুটি কৈ উশাহ লোৱাৰ বাবেই হয়তো বুকুখনত কিহবাই বিন্ধিছে, স্বতস্ফুৰ্ত ভাবে বিষ আৰু বেদনা মিশ্ৰিত এক কৰুণ কেঁকনি ভাহি আহিছে। পিঠিটো শাল মাৰি খুচ মাৰি ধৰিছে , ইয়াতেই যেন বাগৰি পৰিব। কিন্তু সি এতিয়া নাজানে সি ক'ত ৰৈ আছে ? চাৰিওফালে কেৱল অন্ধকাৰছন্ন পৰিবেশ। অন্ধকাৰ ফালি কেৱল ভাঁহি আহিছে আপোন মানুহৰ কোলাহল স্বাৰ্থপৰ স্বাৰ্থপৰ স্বাৰ্থপৰ, সেই মানুহবোৰো অন্ধকাৰ মাজত বিলীন। সি হতভম্ব হৈ ৰৈ আছে কেৱল... থাউনি নাপাই উটি যাব খোজা মেটেকাৰ দৰে মাজে মাজে উটি গৈছে আন্ধাৰৰ সোঁতত।
সি বাৰে বাৰে মনত পেলাবলৈ চেষ্টা কৰিছে ভুলটো কোনখিনিত হ'ল! সদায় সহজ ভাবে সমাধান কৰি থকা অংকটো আজি ইমান জটিল কিয় হ'ল! আস.. বুকুখনত যেন কিহবাই বৰ জোৰকৈ বিন্ধিছে। আপোন মানুহবোৰেই হানিছে খুচিছে বিষ হোৱাটো স্বাভাৱিক অৱশ্যেই স্বাভাৱিক। সকলোৰে বিপদৰ সময়ৰ লগৰী হোৱা, কোনোবাই আহ ক'লেই মৰি পৰি লৰ মাৰি গৈ সহায় কৰা সি আজি উপাধি পালে *স্বাৰ্থপৰ* । এইয়াই তাক সমাজে দিয়া শ্ৰেষ্ঠ উপহাৰ । প্ৰতিদিনে প্ৰতিপলে আনৰ দুখত দুখী হোৱা আনৰ সুখত সুখী হোৱা সি আজি স্বাৰ্থপৰ। নাই অংকটো আৰু শুদ্ধ কৰিবলৈ সি চেষ্টা নকৰে হওঁক ভুল, ভুল হৈয়ে থাকক। অতদিনৰ শুদ্ধ সমাধান বোৰ আজি মানুহৰ বাবে অনৰ্থক যদি , সি তেনেকৈয়ে থাকক। আস.. এই বিষটো বৰ যন্ত্ৰণা দায়ক।
অন্ধকাৰে ক্ৰমান্বয়ে তাক ভৰিৰ পৰা ডিঙি লৈকে গিলি পেলাবলৈ আৰম্ভ কৰিছে । সি কেঁকাইছে যন্ত্ৰনাত বেদনাত...এনেতে বহু দূৰৈৰ পৰা বাঁহীৰ কোমল সুৰ এটা ভাঁহি আহি তাৰ কৰ্ণ কোহৰত খুন্দা মাৰিছে। সি কেঁকাবলৈ এৰি এপলক সুৰটো ভাঁহি অহাৰ দিশে চকু ফুৰালে.. এটি কণমানি জোনাকী তাৰ দিশে গতি কৰিছে, সি আচৰিত হৈ জোনাকীটো মন্ত্ৰমুগ্ধ হৈ চাই আছে, জোনাকীটো লাহে লাহে ডাঙৰ হৈ তাৰ দিশে আহি আছে। তাৰ ওচৰ পোৱাৰ লৈকে জোনাকীটোয়ে এটি প্ৰকাণ্ড ৰূপ ধাৰণ কৰিছে আৰু লগে লগে আন্ধাৰ বোৰ জোনাকীৰ পোহৰে গিলি পেলাইছে। জোনাকীয়ে এখন হাত তাৰ দিশে আগবঢ়াইছে আৰু সি মন্ত্ৰমুগ্ধ হৈ তাৰ অৱশ হাত এখন জোনাকীৰ হাতত থৈছে। জোনাকী আগে আগে পোহৰৰ দিশে গতি কৰিছে আৰু সি পাছে পাছে। ক্ৰমান্বয়ে তাৰ বিষটো কমি কমি নোহোৱা হৈছে ,কেঁকনিবোৰ বন্ধ হৈ আহিছে। জোনাকী লাহে লাহে পোহৰৰ সৈতে বিলীন হৈ নোহোৱা হৈ গৈছে আৰু সি বাঁহীৰ মাত অনুসৰণ কৰি পোহৰৰ ৰাজ্যত অকলেই খোজ থৈছে সি বুজি উঠিছে এতিয়া সি অকলেই খোজ থব লাগিব। জোনাকীয়ে নিজৰ দায়িত্ব পালন কৰিলে এতিয়া তাৰ দায়িত্ব অন্ধকাৰ ফালি আগুৱাই যোৱাৰ সুন্দৰৰ দিশে, হেৰাই যোৱা সপোনবোৰৰ দিশে। সি আৰু সকলোকে সুখী ৰাখিব বিচৰা অংকটো সমাধানৰ ব্যৰ্থ চেষ্টা নকৰে সি বুজি উঠিছে এই অংকটো সমাধান অসম্ভৱ। তাৰ শেঁতা মুখখনিত এটি বেদনা মিশ্ৰিত হাঁহি বিৰিঙি উঠিছে।
তাৰ মনলৈ ভাঁহি আহিছে সৰুতে প্ৰাথমিক বিদ্যালয়ত শিক্ষকে শিকোৱা এটি মন্ত্ৰ....
অসতো মা সৎ গময়
( অসত্যৰ পৰা সত্যলৈ গতি কৰা)
তমসো মা জ্যোতির্গময়
( আন্ধাৰৰ পৰা পোহৰলৈ গতি কৰা)
মৃত্যোর্মা অমৃতং গময়
( মৃত্যুৰ পৰা অমৃতলৈ গতি কৰা)
ওম শান্তি: শান্তি: শান্তি:
এতিয়াৰ পৰা ইয়ে তাৰ জীৱনৰ মূলমন্ত্ৰ হ'ব।
তাৰ বেদনা বোৰ লগে লগে অন্তৰৰ প্ৰশান্তিৰ মাজত বিলীন হৈ গ'ল।
✏️ দেৱযানী দাস
Comments
Post a Comment