মধ্যবিত্ত শ্ৰেণীৰ দৈনন্দিন জীৱন সংগ্ৰাম
#মধ্যবিত্ত
কাহিলী পুৱাতে উঠি খৰ ধৰকৈ বাৰীৰ নেমু, জাতিলাও বিলাহী যি দুই এটা লাগি আছিল টানি আজুৰি ছিঙি মোনাটোত ভৰাই ল'লো। মাজনীৰ মাকে বাকী দিয়া ৰঙা চাহ কাপ খপ জপকৈ চুহা মাৰোতেই তপত চাহে জিভা ডেই-পুৰি নিলে তথাপি উঃ আঃ কৰিবলৈ আহৰি নাই। খৰধৰ কৰোঁতে তেল নোহোৱা বাইকখনকে ষ্টাৰ্ট দিলো পিছে মনত পৰিবলৈ বেছি সময় নালাগিল তেখেতৰ টেংকী খালী। এখন্তেকো পলম নকৰি মোনাটো ওলোমাই চাইকেলৰ পেডেল মাৰি মাৰি দৈনিক বজাৰ পালোগৈ। পিছে বজাৰ পাইহে চেতনা আহিল এতিয়া এই নেমু বিলাহী জাতিলাও কেইটা মোনাৰ পৰা কেনেকৈ উলিয়াই পথৰ দাঁতিত বহো আন দহজন বেপাৰীৰ দৰে ! মাজনীৰ মুখখনলৈ মনত পৰিল কালি পৰা খুদকণ এটাও পৰা নাই তাইৰ পেটত। এই মদন মাষ্টৰৰ জীয়েক হোৱাৰ ফল ভুগিছে তাই। খেতি-বাতি নাই কোনো ব্যৱসায় নাই, তাৰ উপৰি দুমাহ ধৰি দৰমহাও নাই। চুঙা কাটি, টেকেলি ভাঙি সাঁচতীয়া কেইটাৰে যোৱা দুমাহ পেট পুৰালে এতিয়া তাকো শেষ। নাই উপায় নাই লাজ মান সকলো কাটি কৰি কোনোদিনে নকৰা কামটো কৰিবলৈ সাজু হ'লো। ওচৰে পাজৰে চিনাকী মানুহ আছে নেকি ভালকৈ চাই এচুকত চাইকেলখন ৰখাই মোনাৰ বস্তু কেইপদ উলিয়াবলৈ লৈ বিপাঙত পৰিলো বস্তু মেলিবলৈ তলত পৰা কিবা এখন চোন নানিলোয়ে, তেনেতে কাষৰ পৰা এজনে বস্তা এটা আগবঢ়াই দিলে । ধন্যবাদ দিবলৈ মূৰটো ঘূৰাই জঠৰ হ'লো। এয়া চোন দেৱেন ভূঞা আমাৰ গাঁৱৰে কাগজকলৰ মালিক। তেওঁ ক'লে মোৰ কাষতে বহিব পাৰিব। সেমেকা হাঁহি এটাৰে ধন্যবাদ জনাই মইও বহি পৰিলো বস্তুকেপদ মেলি। তেওঁ গহীন হাঁহি এটাৰে ক'লে একো নাই বুজিছে আমি মাজৰ মানুহ।
✏️ দেৱযানী দাস
Comments
Post a Comment