Skip to main content

মধ্যবিত্ত শ্ৰেণীৰ দৈনন্দিন জীৱন সংগ্ৰাম

মধ্যবিত্ত শ্ৰেণীৰ দৈনন্দিন জীৱন সংগ্ৰাম
 
               #মধ্যবিত্ত

কাহিলী পুৱাতে উঠি খৰ ধৰকৈ বাৰীৰ নেমু, জাতিলাও বিলাহী যি দুই এটা লাগি আছিল টানি আজুৰি ছিঙি মোনাটোত ভৰাই ল'লো। মাজনীৰ মাকে বাকী দিয়া ৰঙা চাহ কাপ খপ জপকৈ চুহা মাৰোতেই তপত চাহে জিভা ডেই-পুৰি নিলে তথাপি  উঃ আঃ কৰিবলৈ আহৰি নাই। খৰধৰ কৰোঁতে তেল নোহোৱা বাইকখনকে ষ্টাৰ্ট দিলো পিছে মনত পৰিবলৈ বেছি সময় নালাগিল তেখেতৰ টেংকী খালী। এখন্তেকো পলম নকৰি মোনাটো ওলোমাই চাইকেলৰ পেডেল মাৰি মাৰি দৈনিক বজাৰ পালোগৈ। পিছে বজাৰ পাইহে চেতনা আহিল এতিয়া এই নেমু বিলাহী জাতিলাও কেইটা মোনাৰ পৰা কেনেকৈ উলিয়াই পথৰ দাঁতিত বহো আন দহজন বেপাৰীৰ দৰে ! মাজনীৰ মুখখনলৈ মনত পৰিল কালি পৰা খুদকণ এটাও পৰা নাই তাইৰ পেটত। এই মদন মাষ্টৰৰ জীয়েক হোৱাৰ ফল ভুগিছে তাই। খেতি-বাতি নাই কোনো ব্যৱসায় নাই, তাৰ উপৰি দুমাহ ধৰি দৰমহাও নাই। চুঙা কাটি, টেকেলি ভাঙি  সাঁচতীয়া কেইটাৰে যোৱা দুমাহ পেট পুৰালে এতিয়া তাকো শেষ। নাই উপায় নাই লাজ মান সকলো কাটি কৰি কোনোদিনে নকৰা কামটো কৰিবলৈ সাজু হ'লো। ওচৰে পাজৰে চিনাকী মানুহ আছে নেকি ভালকৈ চাই  এচুকত চাইকেলখন ৰখাই মোনাৰ বস্তু কেইপদ উলিয়াবলৈ লৈ বিপাঙত পৰিলো বস্তু মেলিবলৈ তলত পৰা কিবা এখন চোন নানিলোয়ে, তেনেতে কাষৰ পৰা এজনে বস্তা এটা আগবঢ়াই দিলে । ধন্যবাদ দিবলৈ মূৰটো ঘূৰাই  জঠৰ হ'লো। এয়া চোন দেৱেন ভূঞা আমাৰ গাঁৱৰে কাগজকলৰ মালিক। তেওঁ ক'লে  মোৰ কাষতে বহিব পাৰিব। সেমেকা হাঁহি এটাৰে  ধন্যবাদ জনাই মইও বহি পৰিলো বস্তুকেপদ মেলি। তেওঁ গহীন হাঁহি এটাৰে ক'লে একো নাই বুজিছে আমি মাজৰ মানুহ। 

               ✏️ দেৱযানী দাস

Comments

Popular posts from this blog

ভাৰতত তুলনামূলক সাহিত্যৰ সংজ্ঞা আৰু প্ৰাসংগিকতা

ভাৰতত তুলনামূলক সাহিত্যৰ সংজ্ঞা আৰু প্ৰাসংগিকতা  ভাৰতৰ বিভিন্ন আঞ্চলিক সাহিত্যৰ মাজত উমৈহতীয়া লক্ষণ আৰু বৈশিষ্ট্যৰে বৰ্তি থকা ভাৰতীয় সাহিত্যৰ অখণ্ড ৰূপ উপলব্ধি কৰিব পাৰি। এই আঞ্চলিক সাহিত্যসমূহৰ গোট উপলব্ধিয়েই হ’ল ভাৰতীয় সাহিত্যৰ উপলব্ধি । কিছুমান লক্ষণে আঞ্চলিক সাহিত্যক আঞ্চলিক হৈয়ো অখণ্ড ভাৰতীয় সাহিত্যৰ বৈশিষ্ট্য দান কৰিছে। কাৰণ ভাৰতৰ আঞ্চলিক সাহিত্যসমূহৰ উদ্ভৱ হৈছে ভাৰতীয় চিন্তাৰ একেডাল ঘাই শিপাৰপৰা৷ দৰ্শনৰ প্ৰভাৱ ভাৰতীয় মনত বৰ গভীৰ। বিশ্ব সাহিত্যৰ মাজত ভাৰতীয় সাহিত্য একক হৈ আছে এই দার্শনিক চিন্তাৰ বিশিষ্টতাৰবাবেই। ষড় দৰ্শনৰ বিভিন্ন তত্ত্বই বেখাপাত কৰা ভাৰতীয় মনত জীৱন আৰু মৃত্যু সম্পর্কে যি ধাৰণা আছে তাৰ ভিতৰত জন্মান্তৰবাদ, আত্মাৰ অবিনশ্বৰৰ্তা, কর্মফল আদিৰ ধাৰণা অতি প্রবল। ধর্ম-অর্থ-কাম-মোক্ষৰ ধাৰণাও স্পষ্ট। ভাৰতীয় মন ভোগবাদী নহয়, বৈৰাগ্যত বিশ্বাসী। ব্রহ্ম আৰু জীৱৰ সম্পৰ্ক, পুৰুষ প্রকৃতি, বিদ্যা অবিদ্যা আদি দুৰূহ তত্ত্বৰ বিশ্লেষণ ভাৰতীয় মানুহে প্রায় অপ্ৰয়াসেই নিজৰ চিন্তাধাৰাত উত্তৰাধিকাৰ সূত্ৰে লাভ কৰিছে৷ এইবোৰ দার্শনিক চিন্তাধাৰাৰ বীজ ভাৰতৰ লোকমন। আৰু লোকসংস্কৃত...

অসমত তুলনামূলক সাহিত্য

  অসমত তুলনামূলক সাহিত্য অসমত তুলনামূলক সাহিত্যৰ ক্ষেত্ৰখন আপেক্ষিকভাৱে নতুন। পৰম্পৰাগত পদ্ধতিৰ তুলনা অৱশ্যে প্রাচীন অসমীয়া সাহিত্যত যথেষ্ট পৰিমাণে দেখা যায়। মাধৱ কন্দলিৰ ৰামায়ণ আৰু শংকৰদেৱ আদি নৱবৈষ্ণৱ কবিসকলেও তুলনাৰ দ্বাৰা সাহিত্যৰ সৌন্দৰ্য বৃদ্ধি কৰিছিল। ১) জোনাকী যুগত তুলনামূলক চিন্তাৰ প্ৰথম বীজ বোপিত হোৱা দেখা যায়। এই ক্ষেত্ৰত বাটকটীয়া আছিল লক্ষ্মীনাথ বেজবৰুৱা। বেজবৰুৱাৰ 'তত্ত্বকথা'ৰ মাজত শংকৰদেৱৰ ধৰ্মীয় চিন্তাৰ লগত বিভিন্ন সন্ত আৰু ধৰ্মগুৰুৰ চিন্তাধাৰাৰ তুলনামূলক বিশ্লেষণ পোৱা যায়। ইয়াৰ পিছতে নাম ল'ব পাৰি বাণীকান্ত কাকতিৰ৷ কাকতিয়ে ‘বধকাব্য’ৰ আলোচনা প্ৰসংগত মধ্যযুগীয় ইউৰোপীয় ৰোমাঞ্চ কাব্যৰ ৰিজনি টানি আনিছিল আৰু 'হেমাসুন্দৰী' আখ্যানৰ লগত ইংৰাজ কবি স্পেনচাৰৰ কাব্যৰ মিল দেখুৱাইছিল। অসমত তুলনামূলক অধ্যয়নৰ গুৰুত্বপূৰ্ণ নাম হ'ল কৃষ্ণকান্ত সন্দিকৈ। সন্দিকৈয়ে অনুবাদৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিশেষভাবে আলোচনা কৰিছিল। 'স্পেইনদেশীয় বোমিঅ' জুলিয়েট' আৰু দুই এটি প্ৰৱন্ধৰ যোগেদি অসমীয়া পাঠকক বিশ্ব সাহিত্যৰ সোৱাদ দান কৰিছিল। কালিৰাম মেধি, মহেশ্বৰ ...

অনুবাদৰ সীমাবদ্ধতা তথা সমস্যা

  অনুবাদৰ সীমাবদ্ধতা তথা সমস্যা অনুবাদ প্ৰক্ৰিয়া বৰ সহজ নহয়। একো একোটা সাহিত্য সম্পৰ্কীয় লেখা, পত্ৰ আদিত সাংস্কৃতিক পৰম্পৰা, সামাজিক গাঁথনিৰ প্ৰভাৱ দেখা যায়। প্রত্যেক ভাষাৰে ভাৱ প্ৰকাশৰ কালিকা শক্তিও থাকে। জতুৱা ঠাঁচ, খণ্ডবাক্য, লোক ভাষা আদি এনে কালিকা শক্তিৰ অধিকাৰী ৷ সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰত প্ৰতীক, চিত্রকল্প, সাংগীতিক লয় আদিৰ অনুবাদ কৰা এক জটিল কাম ৷ ভাষাৰ ব্যাকৰণগত বিষয়বোৰেও কেতিয়াবা আহুকালত পেলায়। সেয়েহে বহুসময়ত অনুবাদ মূল বিষয়ৰ প্ৰতিকৃতি বা ফটো হৈ নপৰে। কৰবী ডেকা হাজৰিকাই সেয়েহে উল্লেখ কৰিছে  “ বৰ্তমান কালত অনুবাদৰ স্বাধীন, মৌলিক আৰু স্বচ্ছন্দ ভংগীৰ পৰ্যবেক্ষণ কৰি অনুবাদ কলাক সাৰ্থকভাৱেই অনুসৃষ্টি আখ্যা দিয়া হৈছে। প্রথম জন্ম দিয়ে লেখকে, তাৰ পিছত দ্বিজত্ব দান কৰে অনুবাদকে৷ সেয়েহে সার্থক অনুবাদ মূলৰ যথাযথ ভাঙনি নহয়, প্রকৃততে অনুসৃষ্টিহে। অনুবাদৰ সমস্যাসমূহ তলত দিয়া ধৰণেৰে দেখুৱাব পাৰি:- সাংস্কৃতিক সমস্যাঃ কোনো এক সাংস্কৃতিক পৰিমণ্ডলক সংশ্লিষ্ট ভাষাটোৱে প্ৰকাশ কৰিব পাৰে। প্রত্যেক সংস্কৃতিৰে নিজা চৰিত্ৰ আৰু বৈশিষ্ট্য থাকে। সেই চৰিত্ৰ আৰু বৈশিষ্ট্যসমূহ ভাষ...