*এজাক বৰষুণ*
(১)
ধীৰে ধীৰে বলি থকা বতাহজাক ক্ৰমান্বয়ে ধুমুহালৈ পৰিৱৰ্তিত হৈছে। আকাশখনো ক'লা ডাৱৰে চানি ধৰিছে মাজে মাজে মেঘৰ গৰ্জন ।
পুৱাৰ পৰা গধূলি হ'লগৈ মাক এতিয়াও অহাই নাই । সৰু আইৰ চিন্তা বাঢ়ি আহিছে মাকৰ কিবা অনিষ্ট হোৱা নাইতো । মাজনীয়েও ভোক সহ্য কৰিব নোৱাৰি ঠেন ঠেনাই আছে । মাজনী.. মাজনীৰ কথা মনত অহাৰ লগে লগে দুৱাৰমুখত ৰৈ থকা সৰু আইয়ে ঘূৰি চালে মাজনীলৈ , তাই মাটিত বহি মজিয়াত কিবা আঁকবাক কৰাত ব্যস্ত। মাজনী.. মাজনীৰ বয়স পোন্ধৰ বছৰ, বয়সত সৰু আইতকৈ চাৰি বছৰ ডাঙৰ কিন্তু দুৰ্ভাগ্যজনক ভাবে তাইৰ মগজু এতিয়াও ছয় সাত বছৰীয়া ছোৱালীৰ দৰে। গতিকে বায়েকৰ পৰা শিকাৰ বয়সত সৰুৱে বায়েকক শিকাব লগা হৈছে । তাইৰ জেদ অভিমান ভাঙিব লগা হৈছে মাক নোহোৱা অৱস্থাত মাকৰ ভূমিকা ল'ব লগা হয় সৰু আইয়ে। কেতিয়াবা সৰুৰ ভাব হয় এই পাগলীজনী নথকা হ'লে তাই আজি গৃহবন্দী নহল হয় তাইও মাকক সহায় কৰিবলৈ কৰবাত কাম বিচাৰি গ'ল হেতেন। কিন্তু নাই ..এই পাগলী বায়েকে তাইৰ আৰু মাকৰ শেষ তেজটোপা থকা লৈকে সিহঁতৰ পিছ নেৰিব। ছি: ছি: তাই এইবোৰ কি ভাবিছে নিজৰ ভাব বোৰৰ ওপৰত ঘৃণা ওপজি গ'ল সৰু আইৰ। মাজনীৰ কাষ চাপি মনৰ ভিতৰতে ক্ষমা খুজিলে মাজনীৰ মূৰত হাত বুলাই । মাজনীও মৰম আকলুৱা হৈ ঠেন ঠেনাই উঠিল মোক খাবলৈ দে সৰু মোৰ ভোক লাগিছে। সৰুৰ দুচকু উপচি আহিল বায়েকক সাৱটি যিমান পাৰে বুজনি দিলে মা আহিব এতিয়া খোৱা বস্তু লৈ আহিব। মাজনীয়ে মুখখন ওফোন্দাই এচুকত বহি পৰিল। সৰু পুনৰ দুৱাৰ মুখত ৰৈ মাকৰ অপেক্ষা কৰি থাকিল । পুৱাৰ পৰা ঘৰ খনত খাবলৈ একো নাই পানী টোপাৰ বাদে, ৰাতিপুৱাৰ পৰা মাজনীক বুজাই বুজাই ভাগৰি গৈছে তাই। মাজনীৰ গাত কি দোষ ৰাতিও শুকান ৰুটি এখন খাই শুই আছিল চাৰি পাছদিনে ভাতৰ মুখে দেখা নাই। সৰু আইয়ে নেদেখা জনক হাতযোৰ কৰি প্রার্থনা জনালে হে ঈশ্বৰ ৰক্ষা কৰা আৰু কিমান যন্ত্ৰণা দিবা। দুৱাৰত মোৰ থৈ উচুপি থকা সৰু আইক দেখি মাজনী উঠি আহি সৰুৰ বেণী ডালত ধৰি টানি দিলে কান্দুৰী কান্দুৰী বুলি হাঁহিত বাগৰি যোৱাৰ উপক্ৰম হ'ল। সৰুৰ সেমেকা চকু নিমিষতে শুকাই গ'ল। বায়েকৰ মন ভুলোৱা হাঁহিৰ লগত তাইও হাঁহি দিলে । মাজনীয়ে খেলিবলৈ জোৰ কৰাত খেলিবলৈ মান্তি হ'ল কিন্তু তাই বাৰে বাৰে মাকৰ চিন্তাত অন্যমনস্ক হোৱাত মাজনী অতিষ্ঠ হৈ চিঞৰি দিলে তেতিয়াহে সৰুৰ চিন্তাত আউল লাগি সম্বিত ঘূৰাই পালে। মাজনী এইবাৰ জেদ কৰাত লাগিল মাকৰ ওচৰলৈ যাব লাগে ভোক লাগিছে । সৰুয়ে বুজনি দি দি ভাগৰি গৈছে নাই মাজনী আকুৰগোজ যাবই লাগিব উপায় নাপাই সৰুৱে তাইক ক'লে যে বাহিৰত বাঘ আছে ডাঙৰ ডাঙৰ সিহঁত ওলালেই থপিয়াই খাব সিহঁতক বচাবলৈ কোনো নাই ইয়াত সেয়ে ভিতৰত থাক মা আহিব এতিয়া। মাজনীয়েও সহজে জেদ নেৰে
- সৰু পাগলী বাঘে মানুহ নাখায় নহয়
- খাই কিয় নাখাব। ইয়াৰ বাঘ বোৰে মানুহ বেছিকৈ খাই আৰু তোৰ মোৰ দৰে কুমলীয়া মঙহ পালে কথাই নাই বখলিয়াই খাব।
- ঐ সৰু মাক বাঘে খালে নেকি?
- নাই খোৱা পাগলী মা বহুত সাহসী বাঘে ওচৰে যাবলৈও ভয় খাই ।
- সেইকাৰণে মা থাকিলে বাঘ নাহে ?
-উম সেয়ে মা নাথাকিলে বাঘ বোৰে আহি দুৱাৰ ঢকিয়াই থাকে, খুলি দিলেই খাব আমাক।
লগে লগে কোনোবাই দুৱাৰ ঢকিয়াৰ শব্দ শুনি মাজনীৰ ভয়ত পেটতে হাত ভৰি লুকাল। সৰুৰ হাঁহি উঠি গ'ল তাই জানে মাক আহি পালে মাক অহাৰ উমান তাই আগতেই পাই । বাহিৰত মাকৰ মাত শুনা গ'ল সৰু মাজনী বুলি নাম ধৰি মাতিছে সদায় মতাৰ দৰেই। সৰুৱে দুৱাৰখন সাৱধানে খুলি দিলে ভঙা জুপুৰীৰ যেনে তেনে মাকে আটি আটি বান্ধি ৰখা দুৱাৰখন কেৰকেৰাই উঠিল কিন্তু বাহিৰৰ ধুমুহাৰ লগত এই শব্দ প্ৰায় বিলীন হৈ পৰিল।
(২)
শেঁতা পৰা মুখত এটি কৃত্ৰিম হাঁহি বিৰিঙাই পুৰণি অথচ পৰিপাটিকৈ কাপোৰ পিন্ধা মাজনী আৰু সৰু আইৰ মাক সোমাই আহিল চাদৰৰ আঁচলত কিবা এটা লুকুৱাই। মাজনীয়ে লগে লগে মাকৰ ডিঙিত সাৱটি ধৰি হাতলৈ চালে মাকৰ বুজিবলৈ বাকী নাথাকিল তাইৰ খুব ভোক লাগিছে । আঁচলত লুকাই অনা ব্ৰেডৰ পেকেটটো দুৱাৰ বন্ধ কৰি থকা সৰু আইলৈ আগবঢ়াই দিলে । সৰুয়ে পানী এগিলাচৰ সৈতে ব্ৰেড দুচকল মাজনীৰ হাতত দি মাকক উদেশ্য কৰি সুধিলে
- তই মানে আজিও কাম নাপালি
কাপোৰ সাজ সলাই জাপি জাপিয়ে মাকে উত্তৰ দিলে
- নাই নাপালো গোটেই খন ভ্ৰমিলো কোনেও কাম দিবলৈ মান্তি নহয়।
- পুৰণা মালিকৰ ঘৰত গৈছিলি নে?
- গৈছিলো কিন্তু সিহঁতে নতুন মানুহ ললে হেনো মোতকৈ কম পইছা ল'ব আৰু কামো বৰ খৰকৈ কৰে বাচন ধোৱা কাপোৰ ধোৱাৰ লগতে ঘৰৰ বজাৰ সমাৰো কৰি দিয়ে কম পইছাত। মই বোলে পৰিপাটিকৈ কাম নকৰো।
- তই ইমান বছৰে তাত কাম কৰিলি ইমান কম পইছাতে তোক গোটেই দিনটো খটাই থাকে তাৰ পাছতো নতুন মানুহ লৈ ল'লে এবাৰো নাভাবিলে কামৰ পৰা উলিয়াই দিলে তোৰ আমাৰ কি হ'ব?
- সিহঁত ডাঙৰ মানুহ যি মন যায় তাকে কৰে অ' সৰু।
-মই সিহঁতক এটা এটাক কাটিম। চাল্লা কেঁচাই খোৱা বাঘ ... তই সিহঁতক আমাৰ কেঁচা মঙহ চোবাবলৈ নিদিওঁ ক'লি যে সেয়ে তোক উলিয়াই দিলে মই সব জানো।
- মনে মনে থাকচোন মাজনীয়ে ভয় খাব
মাজনীৰ কথা কোৱাৰ লগে লগে দুইজনীয়ে মাজনীলৈ চালে ঠেও পাতি বহি আছে মাজনী ব্ৰেড দুচকল টুকুৰা টুকুৰ কৰি ফ্ৰকটোত জমা কৰি আছে । মাকে ওচৰ চাপি মূৰত হাত বুলাই দিয়ে
- কি হ'ল মাজনী খা আকৌ
- মোক ভাত দে মই ভাত খাম মোক ভাত দে।
- আজি চাউল নাপালো অ' সোন কাইলৈ খাবি ভাত।
মুখত হেঁচি হেঁচি ব্ৰেড বোৰ ভৰাই ঠেওপাতি এচুকত বহি থাকিল গৈ মাজনী।
মাকে বাঁহৰ চাঙখনত কঠা পাৰি আঁঠুৱা তৰি বিছনা ঠিক কৰিবলৈ ধৰিলে ।মেঘৰ গৰ্জন বাঢ়ি আহিছে লাহে লাহে বৰষুণ পৰিছে সৰুৱে চালৰ ফুটাৰে বৰষুণ পৰা ঠাই বোৰত বাতি কেৰাহী বটুৱা বোৰ থৈ গৈছে এফালৰ পৰা ।দুটা কোঠালীৰ জীৰ্ণ শীৰ্ণ পজা কিন্তু সিহঁতে এটা কোঠালী হে ব্যৱহাৰ কৰে খাবলৈ শুবলৈ । মাকে আনটো কোঠাত দমকল আৰু গা ধোৱা ঘৰ সজাই দিছে যাতে তেওঁ নথকা অৱস্থাত সিহঁত ওলাব লগা নহয় বাহিৰত । কোনে কব দহবছৰ আগত সিহঁতৰ এটা চকুত লগা ঘৰ আছিল এখন সুন্দৰ সংসাৰ আছিল সিহঁতৰ। মাক দেউতাক মাজনী সৰুৰ সৈতে চাৰিজনীয়া এটি সুখী পৰিয়াল আছিল। ভাবত বিভোৰ মাকক সৰুৱে জোকাৰি দিলে
- মা তই নকলি যে কাম নকৰাকৈ তই ব্ৰেড আনিবলৈ ক'ত পইচা পালি?
- কাম বিচাৰি যাওঁতে এঘৰে পইচা দহ টকা গুজি দিলে হাতত
- কি ক'লি তই মানে আজি মগনীয়াও হ'লি গৈ আৰু তোৰ স্বাভিমান?
- সৰু এটা কথা আজি ভালকৈ বুজিলো স্বাভিমানে পেট নভৰাই অ' সোন। মই লঘুণে মৰিম কিন্তু তহঁতক কেনেকৈ পেটত গাঁঠি মৰাম মাক জনী হৈ ?
- মই পাৰিম কিন্তু এই পাগলীজনী এইজনী কাৰণে মই একো কৰিব নোৱাৰা হ'লো
- সৰু তাইক পাগলী নকবি তাই পাগলী নহয় তাই পাগলী নহয়।
মাকে মাজনীক শুৱাই গাত পাতল কঠা এখন জাপি দিলে। মাজনীৰ কাষত শুই পৰিল মাক আৰু মাকৰ জ্বৰত কঁপি থকা শৰীৰটো সাৱটি শুই পৰিল সৰু আই।
- মা মাজনীক পাগলী ক'লে তই কিয় ইমান খং কৰ? মই ধেমালি কৰো
- খং নকৰো দুখ পাওঁ মনত।
- কিয় ?
- তই টো নাজান মাজনীৰ অতীত সেয়ে তাইৰ কথা বেয়াকৈ চিন্তা কৰ ।
- তই চোন একো নকওঁ তাইৰ কথা ,দেউতাৰ কথা!
- তোৰ বয়স হোৱা নাছিল জানিবলৈ
- এতিয়া ডাঙৰ হ'লো ক চোন
- সৰু মাজনী পাগলী নহয় তাইৰ বুকুত বেদনাৰ ভাৰ আছে। চকুৰ পানী বোৰ বৰফ হৈ আছে তাইৰ । তহঁতৰ দেউতাৰ এজন শিক্ষক আছিল। দহবছৰ আগত এটা বোমা বিস্ফোৰণত মৃত্যু হৈছিল তেওঁৰ । সেই ভয়াবহ মৃত্যুৰ প্ৰত্যক্ষদৰ্শী আছিল মাজনী তাইও সিদিনা দেউতাকৰ লগত বজাৰ গৈছিল । নাজানো এয়া তাইৰ দুৰ্ভাগ্য নে সৌভাগ্য তাই বাছি গ'ল কিন্তু তাই মানসিক ভাৰসাম্যতা হেৰুৱাই পেলালে।
- আৰু দেউতা ?
- দেউতাৰ সেই বিস্ফোৰণত ছিন্ন-ভিন্ন হৈ ধোঁৱাৰ মাজত হেৰাই গ'ল। তেওঁৰ একো চিন চাপ বিচাৰি পোৱা নগ'ল। মাজনীক পুলিচে আনি ঘৰ পোৱালেহি কিন্তু তাই মোৰ মাজনী হৈ থকা নাছিল । তাইৰ চিকিৎসাৰ বাবে মই ঘৰ বাৰী সকলো বিক্ৰী কৰি দিলো এই পজাটো সজালো জীৱনটো কটাবলৈ। দুবছৰ পিছত তাই ভাল হৈ আহিল কিন্তু মগজু সৰু ছোৱালীৰ দৰে হৈ থাকিল। সেয়াই আৰম্ভণি মোৰ জীৱন সংগ্ৰামৰ।
- মাজনী বা ভাল হবনে?
- যিদিনা তাই হিয়া ঢাকুৰি কান্দিব, যিদিনা তাইৰ বৰফ হৈ যোৱা চকুৰ পানী বোৰ গলিব ,সিদিনা তাই ভাল হ'ব নিশ্চয় ভাল হ'ব।
- দেউতা হেৰাই যাবৰ পৰা মাজনীয়ে কন্দাই নাই নেকি ?
- নাই কন্দা। কিমান প্ৰশ্ন কৰি থাক' এতিয়া শুই থাক । মইও শুই লওঁ কাইলৈ কাম বিছাৰি যাম পুৱাতে।
- মা মই আৰু পাগলী নকওঁ তাইক।
মাকে মৰমত আঁকোৱালি ললে সৰুক । সৰুৱে অনুভৱ কৰিলে মাকৰ জ্বৰ বাঢ়ি আহিছে কিন্তু তাই নিৰুপাই এতিয়া।
(৩)
হঠাৎ কিবা এটা শব্দ শুনি সৰু আই জাপ মাৰি উঠিল। চাৰিওফালে পানী ভৰিৰ পানী গাঁঠি লৈকে। ইফালে সিফালে চাই দেখিলে মাজনীয়ে পানী খেলি আছে, চাকি গছ নুমাও নুমাও অৱস্থা মাজনীয়ে হাতত লৈ ফুৰিছে, বাতি গিলাচ বটুৱাবোৰ পানীত উপঙি ইফালে সিফালে লৰচৰ কৰি আছে। মাক.. মাক তেতিয়াও শুই আছে বাহিৰত তেতিয়াও ধাৰাসাৰ বৰষুণ দি আছে । সৰুৱে মাজনীক চিঞৰি আছে নাই মাজনীয়ে শুনাই নাই। এইবাৰ মাকক উঠাবলৈ যত্ন কৰিলে নাই মাকৰ কোনো সাৰ সুৰ নাই । সৰুৱে মাকক জোকাৰি দিলে তথাপি মাক সাৰ পোৱা নাই এইবাৰ সৰুৰ বুকুখন কঁপি উঠিল । মাকক ভালদৰে নিৰীক্ষণ কৰিলে মাকৰ সৰ্বশৰীৰ চেঁচা ,উশাহ নিশাহ লোৱা নাই যেন লাগিল । তাই বাৰে বাৰে নাক ডিঙিত বুকুত হাত থৈ পৰীক্ষা কৰিছে তাইৰ সৰ্বশৰীৰ কঁপি উঠিছে লাহে লাহে নাই নাই .. মাক আৰু নাই মা মা বুলি চিঞৰি উঠিল সৰু.. মাকক জোকাৰি জোকাৰি কান্দোনত ভাগি পৰিল , সৰুক বুকু ঢকিয়াই কান্দি থকা দেখি মাজনীয়ে তাইৰ ওচৰত থিয় হৈ কান্ধত হাত থলে
- সৰু কিয় কান্দিছ?
- মাজনী বাই মা মা... আৰু নাই মাজনী বা মা আৰু নাই
- পাগলী মা শুই আছে ক'ত গৈছে
- নহয় মাজনী বা মা ধোঁৱাৰ মাজত লুকাই গ'ল দেউতাৰ দৰে । মা আৰু ঘূৰি নাহে দেউতাৰ ওচৰত গুচি গ'ল ।
- নাই নাই ধোঁৱা ধোঁৱা... নাই মা কতো যোৱা নাই মা উঠ মা উঠ চোন সৰুয়ে কি কৈছে মা উঠ
মাজনীয়ে মাকক জোকাৰি থাকিল নাই মাকৰ মাত আৰু নাপালে এইবাৰ হে মাজনীৰ ভয় লাগিল তাই ভয়ত নিজৰ চুলিত ধৰি আজুৰি আছুৰি চিঞৰিবলৈ ধৰিলে
-ঐ কোন আছ আহ চোন মাৰ কি হৈছে চাহি চোন.. ঐ কোন আছ আহ মাৰ কি হৈছে চা, দেউতা আহা চোন দেউতা ক'ত আছা?
- নিচিঞৰিবি মাজনী ইমান বৰষুণ কোনেও আমাৰ মাত নুশুনে আৰু শুনিলেও নাহে আমাৰ সহায় কৰিবলৈ
দুৱাৰ খুলিবলৈ চেষ্টা কৰি চিঞৰি থকা মাজনীক টানি আনিলে সৰুৱে । সৰু আইক ঠেলা মাৰি তাই আকৌ চিঞৰি উঠিল
- কিয় নুশুনিব মোৰ মাত ,শুনিব লাগিব বৰষুণে মোৰ মাত ধৰি ৰাখিব নোৱাৰে
- আমাৰ মাত এই চাৰি বেৰৰ মাজতে আবদ্ধ মাজনী বা মিছাতে চিঞৰি লাভ নাই মা আৰু নাই
মা আৰু নাই! মা আৰু নাই
দেউতাৰ লগত গ'লগৈ মা আৰু নাই কথাকেইষাৰ দোহাৰি মাজনীয়ে এটা বিকত চিঞৰ মাৰি কান্দিবলৈ ধৰিলে সৰু আইয়ে বুজা হোৱাৰ পৰা প্ৰথমবাৰ বায়েকক কন্দা দেখিছে সেয়ে অকৰা লাগি চাই থাকিল মাজনীলৈ । মাজনীয়ে মাকক সাৱটি হিয়া ঢাকুৰি কান্দিছে দেউতাকক মাতিছে মাকক থৈ যাবলৈ অনুৰোধ কৰিছে নাই মাক আৰু সাৰ নাপালে।
সৰু আইয়ে নিজৰ তিতা দুচকু মাকৰ আচলতে মচি বুকু ডাঠ কৰি ল'লে বায়েকক এতিয়া তায়ে চাব লাগিব। বায়েকৰ কান্ধত হাত থৈ কিবা ক'ব খোজোতেই চাকি গছ নুমাই গ'ল। মাজনীয়ে
সৰু আইক চাকিগছ আকৌ জ্বলাবলৈ ক'লে কিন্তু সৰু উঠি নগ'ল
- জীৱনটোৱে যেতিয়া অন্ধকাৰত ডুব গ'ল কোঠাটো পোহৰাই কি লাভ মাজনী ?
আন্ধাৰতে সৰুৰ হাত এখন খামুচি ধৰিলে মাজনীয়ে
- আন্ধাৰৰ পাছত জানো পোহৰ নহয় সৰু। মনত ৰাখিবি ৰাতিৰ পাছত ৰাতিপুৱা হ'বই, বৰষুণৰ পাছত ৰ'দ দিবই এদিন নহয় এদিন। তই দুখ নকৰিবি মই আছো নহয়।
সৰু আচৰিত হৈ ৰৈ গ'ল । মুখৰ মাত হৰি গ'ল, এইয়া তাইৰ পাগলী বায়েকজনীয়ে নে? তাই সপোন দেখিছে নেকি বায়েক কেনেকৈ ভাল হ'ল। মাকে কোৱা কথাষাৰ সঁচা আছিল নেকি তাই যিদিনা বুকু উজাৰি কান্দিব তাইৰ চকুত বৰফ হৈ পৰা পানী যিদিনা গলিব সিদিনা তাই ঘূৰি আহিব ভাল হৈ মাকৰ কাষলৈ । কিন্তু মাক ... মাক আৰু নাই মাক হেৰাই গ'ল ধোঁৱাৰ মাজত।
- সৰু কি হ'ল?
- একো নাই হোৱা
হুকহুকাই বায়েকৰ ডিঙিত সাৱটি ধৰিলে সৰুৱে। আন্ধাৰৰ মাজতো তাই বায়েকৰ মুখখন যেন ফটফটীয়াকৈ দেখা পালে বায়েকৰ দুচকুৰে পানীৰ ঢল বাগৰিছে তাইৰ চকুৰ তপত অশ্ৰুয়ে সৰুৰ কান্ধ তিয়াইছে।
বায়েকৰ অশ্ৰুয়ে যেন তাইৰ কাণে কাণে কৈছে মা যুঁজি যুঁজি ভাগৰি গৈছিল নহয় মাক শান্তিৰে শুবলৈ দে এতিয়া আমি মিলি যুঁজিম তই চিন্তা নকৰিবি মই আছো নহয়।
সৰুৱে মাকৰ হাতখন খামুচি ধৰি মনতে ক'লে তই শুই থাক মা, শান্তিৰে শুই থাক। আমি হাৰি নাযাওঁ জীৱন থকা লৈকে যুঁজি থাকিম স্বাভিমানৰ সৈতে জীয়াই থাকিম। তই শুই থাক মা তই শুই থাক।
"হে মহান মানুহ এটা ৰাতি মোৰ পঁজাত কটাবা চোন,
কেঁচা খৰিৰ ধোঁৱাৰে সিজাই দিম এমুঠি ভাত
পাৰি দিম ফটা কঠা খনি বিশ্ৰাম কৰিবা তাত"
- দেৱযানী দাস
Comments
Post a Comment