অসমত তুলনামূলক সাহিত্য
অসমত তুলনামূলক সাহিত্যৰ ক্ষেত্ৰখন আপেক্ষিকভাৱে নতুন। পৰম্পৰাগত পদ্ধতিৰ তুলনা অৱশ্যে প্রাচীন অসমীয়া সাহিত্যত যথেষ্ট পৰিমাণে দেখা যায়। মাধৱ কন্দলিৰ ৰামায়ণ আৰু শংকৰদেৱ আদি নৱবৈষ্ণৱ কবিসকলেও তুলনাৰ দ্বাৰা সাহিত্যৰ সৌন্দৰ্য বৃদ্ধি কৰিছিল।
১) জোনাকী যুগত তুলনামূলক চিন্তাৰ প্ৰথম বীজ বোপিত হোৱা দেখা যায়। এই ক্ষেত্ৰত বাটকটীয়া আছিল লক্ষ্মীনাথ বেজবৰুৱা। বেজবৰুৱাৰ 'তত্ত্বকথা'ৰ মাজত শংকৰদেৱৰ ধৰ্মীয় চিন্তাৰ লগত বিভিন্ন সন্ত আৰু ধৰ্মগুৰুৰ চিন্তাধাৰাৰ তুলনামূলক বিশ্লেষণ পোৱা যায়। ইয়াৰ পিছতে নাম ল'ব পাৰি বাণীকান্ত কাকতিৰ৷ কাকতিয়ে ‘বধকাব্য’ৰ আলোচনা প্ৰসংগত মধ্যযুগীয় ইউৰোপীয় ৰোমাঞ্চ কাব্যৰ ৰিজনি টানি আনিছিল আৰু 'হেমাসুন্দৰী' আখ্যানৰ লগত ইংৰাজ কবি স্পেনচাৰৰ কাব্যৰ মিল দেখুৱাইছিল। অসমত তুলনামূলক অধ্যয়নৰ গুৰুত্বপূৰ্ণ নাম হ'ল কৃষ্ণকান্ত সন্দিকৈ। সন্দিকৈয়ে অনুবাদৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিশেষভাবে আলোচনা কৰিছিল। 'স্পেইনদেশীয় বোমিঅ' জুলিয়েট' আৰু দুই এটি প্ৰৱন্ধৰ যোগেদি অসমীয়া পাঠকক বিশ্ব সাহিত্যৰ সোৱাদ দান কৰিছিল। কালিৰাম মেধি, মহেশ্বৰ নেওগ, সত্যেন্দ্রনাথ শৰ্মাৰ ৰচনাৰ মাজতো অসমত তুলনামূলক অধায়নে ক্রমবিকাশ লাভ কৰে।
২) শৈক্ষিক দিশত বা বিদ্যায়তনিক দিশত তুলনামূলক সাহিত্যৰ প্রথম উনোষ ঘটে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত ৷ ১৯৯২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত তুলনামূলক ভারতীয় সাহিত্যৰ এটা শাখা আৰম্ভ কৰা হয়। পৰৱৰ্তী কালত বিশ্ববিদ্যালয়ে অসমীয়া বিষয়ৰ স্নাতক পর্যায়ৰ সন্মান পাঠাজমতো তুলনামূলক সাহিত্যৰ এখন সম্পূর্ণ প্রশ্নকাকতৰ অন্তৰ্ভূক্তি ঘটায়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়েও সাহিত্যৰ পাঠ্যক্ৰমত তুলনামূলক সাহিত্য অধ্যয়নৰ ব্যৱস্থা কৰিছে আৰু দুয়োখন বিশ্ববিদ্যালয়ৰ উদ্যোগত এই বিষয়টোৱে ভালেখিনি বিস্তৃতি লাভ কৰিছে। দুয়োখন বিশ্ববিদ্যালয়তে তুলনামূলক সাহিত্যৰ ভালেকেইটা গবেষণাধর্মী কামো সম্পন্ন হৈছে।
৩) ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ পাছৰপৰাই অসমীয়া বাতৰিকাকত-আলোচনী পত্রিকা আদিত তুলনামূলক সাহিত্যৰ স্বৰূপ, সংজ্ঞা আদি সম্পর্কে ভালেখিনি তাত্ত্বিক আলোচনা প্রকাশ পোৱা দেখা যায়। তাৰ লগতে একাধিক সাহিত্যকর্মৰ মাজত তুলনামূলক অধ্যয়নৰ প্ৰয়াসো আলোচনী পত্রিকাসমূহত প্ৰকাশ পাইছে। সংখ্যাত কম হ'লেও সাহিত্যকৰ্মৰ তুলনামূলক অব্যানৰ দুই এখন গ্ৰন্থও যোৱা প্ৰায় দহটা বছৰত প্ৰকাশ পাইছে।
অসমীয়া তুলনামূলক সাহিত্যই উল্লিখিত সকলোখিনি দিশ সামৰি ল'লে অসমীয়া সাহিত্যৰ পাঠকসকল যে উপকৃত হ'ব সি নিশ্চিত। তাৰ উপৰি অসমীয়া লেখকসকল তুলনামূলক সাহিত্যৰ দ্বাৰা অধিক লাভান্বিত হ'ব। কিয়নো তুলনামূলক সাহিত্যই একমাত্র পথ যি বিশ্বসাহিত্যৰ দ্বাৰা যিকোনো ভাষাৰ সাহিত্যৰ পাঠক-লেখকৰ সন্মুখত উন্মোচিত কৰিব পাৰে। সাম্প্রতিক সাহিত্যত জাতীয় সাহিত্যৰ বিশেষত্ব ক্রমে কমি আহিছে আৰু বিশ্বসাহিত্যৰ ধাৰণা এটা লাহে লাহে গঢ় লৈ উঠিছে। এনে অৱস্থাত দৰাচলতে তুলনামূলক সাহিত্যৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে।
(সংগ্ৰহীত তথ্য)
Comments
Post a Comment