বিলাতী হোজা
মানুহজনৰ নাম হোজা পিছে সি অসমীয়া হোজা নহয়, বিলাতী অর্থাৎ বিদেশী, আৰু প্ৰকৃততে অতি টেঙৰ। এদিন সি তাৰ চুবুৰীয়া মানুহ এঘৰৰপৰা ভাত ৰন্ধা কেৰাহী এটা খুজি আনিলে। কেইদিনমানৰ মূৰত সেইটো ওভোতাই দিবৰ সময়ত সি লগতে অকণমানি কেৰাহী এটাও উলিয়াই দিলে। কেৰাহীৰ গিৰিহঁতে আচৰিত হৈ সুধিলে
“এইটো আকৌ কিয় দিলা?"
“অ’— এইটো তোমাৰপৰা নিয়া কেৰাহীটোৰ পোৱালি, মোৰ ঘৰতে জগিল।”
মানুহজনে ভাবিলে, ই কেনে অকঁৰা! কিন্তু সি ৰং মনে দুয়োটা সুমুৱাই থলে।
কেইদিনমানৰ পাচত হোজাই কোহীটো আকৌ খুজি আনিলে। কেৰাহীটো ওভোতাই দিয়াত পলম হোৱা দেখি গৰাকী সাধিবলৈ আহিল। হোজাই তাক ক'লে— “কেৰাহীটো মৰিল।”
"কি কৈছা, কেৰাহীওনো মৰেনে?” “এবা, পোৱালি দিওঁতে মৰি থাকিল।”
মানুহজনৰ মুখৰ মাত হৰিল।
এদিন গাঁৱত এখন মেল বহিল। আটায়ে হোজাক ক'লে, “তুমি দু-আষাৰমান ক'ব লাগে।"
হোজা উঠিল আৰু ক'লে, “ৰাইজসকল, আমি আটায়ে আজি এই মেলত কিছু গোট খাইছোঁ আপোনালোকে নিশ্চয় জানে— "
আটায়ে শলাগিলে, “হয় হয়।”
“তেনেহ'লে মোৰ কোৱাৰনো আবশ্যক কি? মই বহিলোঁ।"
আৰু এদিন মেল বহিল। সেইদিনাও আটায়ে হোজাক ক'লে, “হোজা, তুমি আষাৰচেৰেক ক'ব লাগে।”
হোজা উঠিল, “ৰাইজসকল, আমি আজি ইয়াত কিয় গোট খাইছোঁহি আপোনালোকে জানে নিশ্চয়—”
সকলোৱে চিঞৰি উঠিল, “নাই, নাজানো।”
“ই দেখোন কেনে বিপৰীত কথা! আজি ইয়াত এখন মেল বহিছে, আৰু আপোনালোকে নাজানে কিয় বহিছে। আপোনালোকে নাজানে যদি ময়ো নাজানো। মই বহিলোঁ।”
তাৰ পাচত গাঁৱত কিবা কাজিয়া পেচাল লগাত গঞাই আৰু এখন মেল বহুৱালে। মেলত উপস্থিত সকলো মানুহে মতামত দিয়া নিয়ম। বুঢ়ালোকে কয়—
‘মেলত থাকি নকয় উচিত,
পাপে পায় কিঞ্চিত কিঞ্চিত।
সেইদিনাও হোজাৰ ক'বৰ পাল পৰিল।
হোজা উঠিল, “ৰাইজসকল, মইনো কি ক'ম? আপোনালোকে সকলো জানেই "
ৰাইজে ভাবিলে, ইয়াক এইবেলি ভালকৈ লঘু কৰিম, সিনো কিমান সিয়ান চাম৷ এইদৰে আলচ কৰি কেতবোৰ মানুহে ক'লে, “আমি নাজানো” আৰু কেতবিলাকে ক'লে, “হয়, আমি জানো।” তেতিয়া হোজাই ক'বলৈ ধৰিলে, “ৰাইজসকল, আপোনালোকে
কৈছে, কেতবিলাকে জানে আৰু কেতবিলাকে নাজানে। মই আশাকৰোঁ,
জনাবিলাকে নজনাবিলাকক সকলো কথা ভাঙি-পাতি ক’ব। মই বহিলোঁ।”
মানুহবিলাকে কি ক'ব ভাবিয়ে নাপালে।
ডঃ প্ৰফুল্ল দত্ত গোস্বামী
অসম শিশুসাহিত্য ন্যাস
Comments
Post a Comment