Skip to main content

অসমীয়া লিপিৰ মূল :

  অসমীয়া লিপিৰ মূল :


সকলোবোৰ ভাৰতীয় লিপিৰে মূল ভাৰতীয় ব্রাহ্মীলিপি। অসমীয়া লিপিৰো মূল হৈছে—ব্রাহ্মীলিপি। খ্ৰীঃ পূর্ব ৪র্থ ৫ম শতিকাৰ অশোকাকালীন ব্রাহ্মীলিপিয়ে খ্ৰীঃ১ম-২য় শতিকাৰ কুশাণ সম্ৰাটসকলৰ ৰাজত্বকালত সিয়েই কুশাণ লিপি হিচাপে পৰিচিত হয়। একেদৰে খ্ৰীঃ ৩য় ৪র্থ শতিকাৰ গুপ্ত সম্রাটসকলৰ ৰাজত্বকালত সি গুপ্ত লিপি নামেৰে নতুন সাঁজ পিন্ধে। গুপ্ত যুগৰ অৱসানৰ পিছতে হৰ্ষবন্ধনৰ ৰাজত্ব কালত ব্ৰাহ্মীলিপিয়ে “সিদ্ধম্ বা সিদ্ধ-মাতৃকা” লিপি হিচাপে পৰিচিত হয়। উক্ত সিদ্ধ-মাতৃকা লিপিৰ পৰা পৰৱৰ্তী কালত শাৰদা, শ্ৰীহৰ্ষ আৰু কুটিল এই তিনিটা লিপিৰ উদ্ভৱ আঁৰু বিকাশ ঘটে। গুপ্তলিপিৰ পৰা বিকশিত ৰূপ কুটিল লিপিৰ পৰাই অসমীয়াকে আদি কৰি পূৰ্ব ভাৰতীয় লিপিসমূহৰ উদ্ভৱ আৰু বিকাশ হয় বুলি লিপিবিসকলে মতপোষণ কৰে। কিন্তু বিংশ শতিকাত আশীৰ দশকৰ আৰম্ভণিতে আৱিষ্কৃত 'নগাজৰী খনিকৰ গাঁও প্রস্তুৰ খণ্ডলিপি”য়ে অসমীয়া লিপিৰ উৎস আৰু উদ্ভৱৰ কাল সম্পৰ্কত পণ্ডিতসকলৰ পূৰ্বৰ ধাৰণাক ওলট-পালট কৰি দিলে উক্ত আৱিষ্কৃত “প্ৰস্তৰ খণ্ডলিপি”খন খ্ৰীষ্টীয় পঞ্চম শতিকাৰ আদি ভাগৰ বুলি পণ্ডিত তথা লিপিবিদ্‌সকল এক ঐক্যমতত উপনীত হৈছে। নগাজৰী খনিকৰ গাঁও প্রস্তৰ শিলালিপি আৱিষ্কাৰে অসমীয়া লিপিৰ মূল সম্পর্কে নতুন চিন্তাৰ সমল যোগালে। অসমীয়া লিপিৰ উৎপত্তিৰ উৎস সম্পর্কে পণ্ডিতসকলৰ মাজত দুটা মত পোৱা যায়। প্রথম মতানুসৰি পূৰ্বী কুটিল লিপিৰ পৰা অসমীয়া লিপিৰ জন্ম আৰু বিকাশ হৈছিল। এই ক্ষেত্ৰত প্ৰথমেই নাম ল'ব লাগিব প্রত্নতাত্ত্বিক সৰ্বেশ্বৰ শৰ্মা কটকীৰ। তেখেতে তেখেতৰ “প্রাচীন অসমীয়া লিপি” শীর্ষক লিপি গ্ৰন্থতও শুনত অসমীয়া লিপিৰ উৎপত্তিৰ সম্পৰ্কত কৈছে- “গুপ্তযুগৰ পূব ভাৰতীয় মিলিৰ পৰিৱৰ্তন আৰু সংমিশ্রন ঘটি কুটিল লিপিৰ পৰা কামৰূপীলিপি বা পুৰণি লিপিৰ উৎপত্তি হৈছে।” প্রত্নতাত্ত্বিক শৰ্মা ঢঁতীৰ উক্ত মন্তব্যৰ ওপৰত হেঁয়াদি ডিম্বেশ্বৰ নেওগ, ড° মদের নেওগ, তা সত্যেন্দ্রনাথ শৰ্মা, দিয়ে কুটিল লিপিৰ পৰাই অসমীয়া লিপিৰ উৎপতি হৈছে বুলি মত পোষণ কৰিছে। লিপিবসন্ত বুহুলা, ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ে টি. পি. বার্মা আদিয়েও অসমীয়া মিণিব মূল কুটিল লিপি বুলি মত দিছে। বুচলাৰে, অৱশ্যে কুটিল বুলি নকৈ সুক্ষ্মকোণী লিগি'ৰ পৰা অসমীয়া লিপিৰ উৎপত্তি বুলি কৈছে। উক্ত “সুক্ষ্মকোণী গণি”কে বিদেশী ভ্ৰমণকাৰী আলবেৰণীয়ে “সিদ্ধ-মাতৃকা” লিপি বুলি উল্লেখ অখিছে। আনহাতে ও° সুনীতি কুমাৰ চট্টোপাধ্যায়ে মত পোষণ কৰিছিল খে হৰ্ষ মানৰ ৰাজত্বকাল অবিভক্ত ব্রাহ্মীলিপিৰ অন্তিম ৰূপটো আদিম “সিদ্ধ-মাতৃক)” আৰু এই 'সিজ মাতৃকা’ৰ পৰাই শাৰণা, আঁহৰ্ষ আৰু কুটিল লিপিৰ উদ্ভৱ আদন। বিকাশ ঘটে। গতিকে – “সি-মাতৃকা' লিপিৰ পৰা উদ্ভৱ হোৱা ফুটিল লিপিয়েই হ'ল অসমীয়া লিপিৰ মূল উৎস।


দ্বিতীয় মত হ'ল- অসমীয়া লিপিৰ মূল কুটিল নহয়, অসমীয়া লিপিব মূল হ'ল – গুপ্তকালীন ব্রাহ্মীলিপি। অসমীয়া লিপিৰ মূল যে কুটিল নহয় সেই ভল পোনপ্ৰথম সাহিত্য সমালোচক ডিম্বেশ্বৰ নেওগে, তেখেতৰ "New Light of Developemtn of Asamiya script (1964) শীর্ষক গ্ৰন্থত গুপ্ত লিপিৰ পৰাহে প্রচন অসমীয়া বা কামৰূপী লিপিৰ উদ্ভৱ আৰু বিকাশ ঘটে বুলি মন্তব্য কবে। নওগাদের উক্ত মস্তৱাৰ পাছৰে পৰা অসমীয়া লিপিৰ উৎপত্তিৰ উৎস সম্পর্কে গৱেষক তথা লিপিবিসকলৰ মাজত অধিক চিন্তা-চৰ্চাৰ বাট মুকলি কৰে।


গুপ্তলিপিৰ বিকাশৰ কাল খ্রীষ্টীয় ৪র্থ ৫ম শতিকা। আনহাতে কুটিল লিপিষ। ঠিকাশন কাল খ্ৰীঃ ৬ষ্ঠ শতিকা। পঞ্চম শতিকাৰ উমাচল শিলালিপিত থকা সৌভবটা এক বাঙন আৰু পাঁচটা যুক্তব্যঞ্জন ত.দ, ধ, ন, ভ, ম, স, ব, ল, ব, স, না, জী, গা, – আদি আৱোৰ ওগুলিপিৰ লগতহে ধ্বহু মিল আছে। আকৌ খ্ৰীঃ ৫ম শতিকাৰ প্ৰথম ভাগত খোদিত নগাজৰী খনিকৰ গাঁও প্রস্তুৰ লিপিৰ আখৰবোনো প্ৰক্‌ গুণ্ড আৰু গুপ্ত লিপিৰ লগতহে মিল আছে। এনেবোৰ সাদৃশ্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই তেখেতে অসমীয়া লিপিৰ মুল ওগুকলীন ব্রাহ্মী লিপি বুলি। যুক্তি দেখুওৱাইছে।।


আন এজন সাহিত্য সমালোচক বিশ্বেশ্বৰ হাজৰিকাই তেখেতৰ — “অসমীয়া লিপি আৰু ভাষার ক্রমবিকাশ” শীর্ষক নিবন্ধত-- “কুমাৰ ভাগৰৱৰ্ম ভূবি শাসনৰ লিপিৰ বিশ্লেষণ কৰি কৈছে- অসমীয়া লিপিৰ সিদ্ধমাতৃকা বা কুটিল এটাৰ পৰাও উৎপত্তি হোৱা নাই৷ ড° উপেন্দ্রনাথ গোস্বামীয়ে তেখেতৰ “অসমীয়াৰ লিপি” শীৰ্ষক গ্ৰন্থত হাজৰিকাদেৱৰ অনুৰূপ মন্তব্য আগবঢ়াইছে— “এই লিপিৰ মূল ব্ৰাহ্মী আৰু তাৰ পৰৱৰ্তী গুপ্তলিপি। ইয়াক কুটিল লিপিৰ লগত সাঙোৰ যুক্তি বিশেষ নাই ৷ ... নগাজৰী খনিকৰ গাঁও শিলালিপি আৰু উমাচল শিলালিপি এই দুয়োখন লিপিৰ আখৰৰ গঢ় গুপ্ত লিপিৰ সৈতে একে ৰূপৰ।”


কুটিল লিপিৰ উদ্ভৱ আৰু বিকাশৰ সময় খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ পৰা নৱম শতিকা; কিন্তু নগাজৰী খনিকৰ গাঁৱৰ শিলালিপি"ৰ সময় খ্ৰীষ্টীয় পঞ্চম শতিকাৰ আদি ভাগ। ইয়াৰ পৰৱৰ্তী লিপিৰ নিদৰ্শন হৈছে– আনুমানিক পঞ্চম শতিলৰ শেষভাগৰ সুৰেন্দ্ৰবৰ্মাৰ উমাচল শিলালিপি। উপৰোক্ত দুয়োখন শিলালিপি – আখৰৰ গঢ়লৈ চাই উমাচল শিলালিপিত কৈ “নগাজৰী খনিকৰ গাঁও শিলালিপিখন আগৰ বুলি পণ্ডিত মুকুন্দ মাধৱ শৰ্মাই মস্তৱা কৰিছে।


আকৌ দুজনমান আলোচক সমালোচকে অসমীয়া লিপি পোনছাটেই ব্ৰাহ্মীলিপিৰ পৰা জন্ম লাভ কৰা মতটি সমর্থন নকৰে। কিয়নো সকলোবোৰ ভাৰতীয় লিপিয়েই ব্রাহ্মীলিপিৰ পৰা বিকশিত হৈছে। গুপ্তযুগৰ পূৰ্ববর্তী কোনো ভাৰতীয় ঐতিহাসিক অভিলেখত অসম বা কামৰূপৰ নাম পোৱা নাযায়। গতিকে ব্ৰাহ্মীৰ পৰা বিকশিত গুপ্ত লিপিৰ পৰা স্বকীয়ভাৱে পুৰণি অসমীয়া লিপিৰ উদ্ভৱ আৰু বিকাশ হোৱা যুক্তি গ্রহণযোগ্য নহয়। ব্রাহ্মীলিপিৰ দুই এখন লেখমালা অসমত আৱিষ্কাৰ হ’ল বুলিয়েই যে, অসমীয়া লিপি পোনে পোনে ব্রাহ্মীৰ পৰা ওলাইছে সেই কথা নুসূচায়। প্রকৃতার্থত গুপ্তকালীন ব্রাহ্মীলিপিৰ পূৰ্বীশৈলীয়ে। বিভিন্ন ৰূপান্তৰৰ মাজেদি সৰকি আহি দ্বাদশ শতিকাৰ কানাই বৰশী বোৱা শিলৰ ফলিত অসমীয়া লিপিয়ে আত্মপ্রকাশ কৰেহি।


মত-অমত যিয়েই নথোকক কিয়, সকলোবোৰ ভাৰতীয় লিপিৰে মূল হ’ল ব্ৰাহ্মীলিপি। গতিকে, ইটোৰ লগত সিটো লিপিৰ অলপ হ'লেও সাদৃশ্য থাকিবই। অসমীয়া লিপিৰ লগত কুটিল লিপিৰ মিল থকাটো স্বাভাৱিক। গুপ্তকালীন ব্ৰাহ্মীলিপিৰ উত্তৰ-ভাৰতীয় পূর্বীশাখাৰ পৰা কালক্ৰমত উদ্ভৱ আৰু বিকাশ লাভ কৰা অসমীয়া লিপিত আন আন প্রভাৱতকৈ কুটিল লিপিৰ প্ৰভাৱেই অধিক লক্ষণীয়৷ এইফালৰ পৰা ক'ব পাৰি যে, অসমীয়া লিপি ব্ৰাহ্মীৰ পৰা পোনে পোনে আহিলেও, সি কুটিল শৈলীৰ গাঁত আঁউজিহে বিকাশ লাভ কৰে। অথবা কুটিল লিপিৰ বিশেষত্বসমূহ গ্ৰহণ কৰি অসমীয়া লিপিয়ে বিকশিত হয়।


   ( ডঃ অনুপ কুমাৰ বৰুৱাৰ অসমৰ ভাষা আৰু লিপিৰ পৰিচয়ৰ আধাৰত)

Comments

Popular posts from this blog

ভাৰতত তুলনামূলক সাহিত্যৰ সংজ্ঞা আৰু প্ৰাসংগিকতা

ভাৰতত তুলনামূলক সাহিত্যৰ সংজ্ঞা আৰু প্ৰাসংগিকতা  ভাৰতৰ বিভিন্ন আঞ্চলিক সাহিত্যৰ মাজত উমৈহতীয়া লক্ষণ আৰু বৈশিষ্ট্যৰে বৰ্তি থকা ভাৰতীয় সাহিত্যৰ অখণ্ড ৰূপ উপলব্ধি কৰিব পাৰি। এই আঞ্চলিক সাহিত্যসমূহৰ গোট উপলব্ধিয়েই হ’ল ভাৰতীয় সাহিত্যৰ উপলব্ধি । কিছুমান লক্ষণে আঞ্চলিক সাহিত্যক আঞ্চলিক হৈয়ো অখণ্ড ভাৰতীয় সাহিত্যৰ বৈশিষ্ট্য দান কৰিছে। কাৰণ ভাৰতৰ আঞ্চলিক সাহিত্যসমূহৰ উদ্ভৱ হৈছে ভাৰতীয় চিন্তাৰ একেডাল ঘাই শিপাৰপৰা৷ দৰ্শনৰ প্ৰভাৱ ভাৰতীয় মনত বৰ গভীৰ। বিশ্ব সাহিত্যৰ মাজত ভাৰতীয় সাহিত্য একক হৈ আছে এই দার্শনিক চিন্তাৰ বিশিষ্টতাৰবাবেই। ষড় দৰ্শনৰ বিভিন্ন তত্ত্বই বেখাপাত কৰা ভাৰতীয় মনত জীৱন আৰু মৃত্যু সম্পর্কে যি ধাৰণা আছে তাৰ ভিতৰত জন্মান্তৰবাদ, আত্মাৰ অবিনশ্বৰৰ্তা, কর্মফল আদিৰ ধাৰণা অতি প্রবল। ধর্ম-অর্থ-কাম-মোক্ষৰ ধাৰণাও স্পষ্ট। ভাৰতীয় মন ভোগবাদী নহয়, বৈৰাগ্যত বিশ্বাসী। ব্রহ্ম আৰু জীৱৰ সম্পৰ্ক, পুৰুষ প্রকৃতি, বিদ্যা অবিদ্যা আদি দুৰূহ তত্ত্বৰ বিশ্লেষণ ভাৰতীয় মানুহে প্রায় অপ্ৰয়াসেই নিজৰ চিন্তাধাৰাত উত্তৰাধিকাৰ সূত্ৰে লাভ কৰিছে৷ এইবোৰ দার্শনিক চিন্তাধাৰাৰ বীজ ভাৰতৰ লোকমন। আৰু লোকসংস্কৃত...

অসমত তুলনামূলক সাহিত্য

  অসমত তুলনামূলক সাহিত্য অসমত তুলনামূলক সাহিত্যৰ ক্ষেত্ৰখন আপেক্ষিকভাৱে নতুন। পৰম্পৰাগত পদ্ধতিৰ তুলনা অৱশ্যে প্রাচীন অসমীয়া সাহিত্যত যথেষ্ট পৰিমাণে দেখা যায়। মাধৱ কন্দলিৰ ৰামায়ণ আৰু শংকৰদেৱ আদি নৱবৈষ্ণৱ কবিসকলেও তুলনাৰ দ্বাৰা সাহিত্যৰ সৌন্দৰ্য বৃদ্ধি কৰিছিল। ১) জোনাকী যুগত তুলনামূলক চিন্তাৰ প্ৰথম বীজ বোপিত হোৱা দেখা যায়। এই ক্ষেত্ৰত বাটকটীয়া আছিল লক্ষ্মীনাথ বেজবৰুৱা। বেজবৰুৱাৰ 'তত্ত্বকথা'ৰ মাজত শংকৰদেৱৰ ধৰ্মীয় চিন্তাৰ লগত বিভিন্ন সন্ত আৰু ধৰ্মগুৰুৰ চিন্তাধাৰাৰ তুলনামূলক বিশ্লেষণ পোৱা যায়। ইয়াৰ পিছতে নাম ল'ব পাৰি বাণীকান্ত কাকতিৰ৷ কাকতিয়ে ‘বধকাব্য’ৰ আলোচনা প্ৰসংগত মধ্যযুগীয় ইউৰোপীয় ৰোমাঞ্চ কাব্যৰ ৰিজনি টানি আনিছিল আৰু 'হেমাসুন্দৰী' আখ্যানৰ লগত ইংৰাজ কবি স্পেনচাৰৰ কাব্যৰ মিল দেখুৱাইছিল। অসমত তুলনামূলক অধ্যয়নৰ গুৰুত্বপূৰ্ণ নাম হ'ল কৃষ্ণকান্ত সন্দিকৈ। সন্দিকৈয়ে অনুবাদৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিশেষভাবে আলোচনা কৰিছিল। 'স্পেইনদেশীয় বোমিঅ' জুলিয়েট' আৰু দুই এটি প্ৰৱন্ধৰ যোগেদি অসমীয়া পাঠকক বিশ্ব সাহিত্যৰ সোৱাদ দান কৰিছিল। কালিৰাম মেধি, মহেশ্বৰ ...

অনুবাদৰ সীমাবদ্ধতা তথা সমস্যা

  অনুবাদৰ সীমাবদ্ধতা তথা সমস্যা অনুবাদ প্ৰক্ৰিয়া বৰ সহজ নহয়। একো একোটা সাহিত্য সম্পৰ্কীয় লেখা, পত্ৰ আদিত সাংস্কৃতিক পৰম্পৰা, সামাজিক গাঁথনিৰ প্ৰভাৱ দেখা যায়। প্রত্যেক ভাষাৰে ভাৱ প্ৰকাশৰ কালিকা শক্তিও থাকে। জতুৱা ঠাঁচ, খণ্ডবাক্য, লোক ভাষা আদি এনে কালিকা শক্তিৰ অধিকাৰী ৷ সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰত প্ৰতীক, চিত্রকল্প, সাংগীতিক লয় আদিৰ অনুবাদ কৰা এক জটিল কাম ৷ ভাষাৰ ব্যাকৰণগত বিষয়বোৰেও কেতিয়াবা আহুকালত পেলায়। সেয়েহে বহুসময়ত অনুবাদ মূল বিষয়ৰ প্ৰতিকৃতি বা ফটো হৈ নপৰে। কৰবী ডেকা হাজৰিকাই সেয়েহে উল্লেখ কৰিছে  “ বৰ্তমান কালত অনুবাদৰ স্বাধীন, মৌলিক আৰু স্বচ্ছন্দ ভংগীৰ পৰ্যবেক্ষণ কৰি অনুবাদ কলাক সাৰ্থকভাৱেই অনুসৃষ্টি আখ্যা দিয়া হৈছে। প্রথম জন্ম দিয়ে লেখকে, তাৰ পিছত দ্বিজত্ব দান কৰে অনুবাদকে৷ সেয়েহে সার্থক অনুবাদ মূলৰ যথাযথ ভাঙনি নহয়, প্রকৃততে অনুসৃষ্টিহে। অনুবাদৰ সমস্যাসমূহ তলত দিয়া ধৰণেৰে দেখুৱাব পাৰি:- সাংস্কৃতিক সমস্যাঃ কোনো এক সাংস্কৃতিক পৰিমণ্ডলক সংশ্লিষ্ট ভাষাটোৱে প্ৰকাশ কৰিব পাৰে। প্রত্যেক সংস্কৃতিৰে নিজা চৰিত্ৰ আৰু বৈশিষ্ট্য থাকে। সেই চৰিত্ৰ আৰু বৈশিষ্ট্যসমূহ ভাষ...